কোকৰাঝাৰ চহৰত চিলনী চোৰৰ সন্ত্ৰাস
কোকৰাঝাৰ চহৰত চিলনী চোৰৰ সন্ত্ৰাস ।
কোকৰাঝাৰ চহৰত চিলনী চোৰৰ সন্ত্ৰাস


কোকৰাঝাৰ, ২৭ জুন (হি.স.): কোকৰাঝাৰ চহৰত চিলনী চোৰৰ সন্ত্ৰাস বিৰাজ কৰিছে । চিলনী চোৰে মহিলাৰ ডিঙিৰ পৰা থপিয়াই নিলে সোণৰ চেইন । শুকুৰবাৰে সন্ধিয়া কোকৰাঝাৰ ষ্টেচন ৰোডত সংঘটিত হয় এই ঘটনা ।

ভুক্তভোগী মহিলা গৰাকী হ'ল কোকৰাঝাৰ ষ্টেচনৰ ৰোডৰ সমীপৰ চন্দনা সৰকাৰ বুলি পৰিচয় পোৱা গৈছে ৷ কোকৰাঝাৰ চহৰৰে টেঙাপাৰাৰ পিতৃগৃহৰ পৰা নিজ গৃহলৈ খোজকাঢ়ি উভতি অহাৰ সময়ত সংঘটিত হয় এই ঘটনা । হেলমেট পৰিহিত স্কুটিত অহা এটা চিলনী চোৰে মহিলাগৰাকীৰ ডিঙিৰ পৰা থপিয়াই নিলে সোণৰ চেইন । ইফালে চিচি টিভিত চিলনী চোৰৰ পলায়নৰ দশ্য বন্দী হৈ ৰৈছে । ঘটনাৰ খবৰ পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ কোকৰাঝাৰ সদৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande