গোলকগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত অঘটন
গোলকগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত অঘটন।
গোলকগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত অঘটন


ধুবুৰী, ২৭ জুন (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত যোৱা কালি বিয়লি এক অঘটন ঘটে । একেলগে ২১ গৰাকীকৈ ছাত্ৰী হঠাতেই অসুস্থ হৈ পৰে। অসুস্থতাৰ কাৰণ এতিয়াও জানিব পৰা নাই।

অসুস্থ ছাত্ৰীসকলক প্ৰথমে গোলকগঞ্জ স্বাস্থ্য কেন্দ্ৰ ভৰ্তি কৰোৱা হয় । আটাই কেইগৰাকীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে । ঘটনাটোৱে বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোত উদ্বেগৰ সৃষ্টি কৰিছে। বিদ্যালয় কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগে পৰিস্থিতিৰ ওপৰত কটকটীয়া নজৰ ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande