লখিমপুৰৰ ৰাংছালীৰ দেৱেৰা দলনি পথাৰত টেক্টৰেৰে হাল বাই থাকোতে বজ্ৰ পৰি নিহত তিনিজনকৈ লোক
লখিমপুৰৰ ৰাংছালীৰ দেৱেৰা দলনি পথাৰত শোকাৱহ ঘটনা।
লখিমপুৰৰ ৰাংছালীৰ দেৱেৰা দলনি পথাৰত টেক্টৰেৰে হাল বাই থাকোতে বজ্ৰ পৰি নিহত তিনিজনকৈ লোক


লখিমপুৰ, ২৭ জুন (হি.স.): লখিমপুৰ জিলাৰ ৰাংছালীৰ দেৱেৰা দলনি পথাৰত যোৱা কালি শুকুৰবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ ঘটনা। পথাৰত টেক্টৰেৰে হাল বাই থাকোতে বজ্ৰ পৰি নিহত হৈছে তিনিজনকৈ লোক। নিহত সকলৰ ভিতৰত আছে এগৰাকী মহিলাও।

নিহত লোক কেইজন ক্ৰমে চৌল হৰ, জেকছন কেৰ্কেটা আৰু জয়ন্তী টপৱাৰ বুলি পৰিচয় পোৱা গৈছে । টেক্টৰেৰে হাল বাই থাকোতে জয়ন্তী টপৱাৰে ভাত লৈ গৈছিল পথাৰলৈ। তেতিয়াই হঠাৎ বজ্ৰ পৰি কৰুণ মৃত্যুক সাৱটি লয় আটাইকেইজনে । স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰি তেওঁলোকক লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে যদিও তেওঁলোকৰ মৃত্যু হয় । সম্প্ৰতি লখিমপুৰ মেডিকেল কলেজ হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে মৃতদেহ কেইটা। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande