
গোলাঘাট, ২৭ জুন (হি.স.): গোলাঘাট জিলাৰ বোকাখাতৰ লখৌজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন মালবাহী ট্ৰাক আৰু এখন বলেৰ' পিকআপৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে । দুৰ্ঘটনাটোত বলেৰ বাহন খনত থকা দুজন লোক গুৰুতৰভাৱে আহত হয় ।
আহত দুজনক স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰি বোকাখাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনা সংঘটিত কৰি দ' খাৱৈত পৰে দুয়োখন বাহন । দুৰ্ঘটনা গ্ৰস্ত ট্ৰাক খনৰ পঞ্জীয়ন নম্বৰ এএছ ০১ এমচি ৬৯৯৫ হোৱাৰ বিপৰীতে বলেৰ খনৰ পঞ্জীয়ন নম্বৰ এএছ ০১ পিচি ২৪২৩ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ