দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ৰাইজৰ টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা
গোলাঘাট, ২৭ জুন (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ আৰু ৰাইজে জীৱন মৃত্যুৰ সৈতে নিতৌ যুঁজ দিবলগীয়া হৈ আহিছে । টুলুঙা নাও আৰু বিধ্বস্ত পথে স্তব্ধ কৰিছে ৰাইজৰ ভৱিষ্যৎ। চেচুগুৰি, চিকাৰী ঘাট, বজাইঘাট আৰু ধোদাং অঞ্চলৰ লো
দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ৰাইজৰ টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা


গোলাঘাট, ২৭ জুন (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ আৰু ৰাইজে জীৱন মৃত্যুৰ সৈতে নিতৌ যুঁজ দিবলগীয়া হৈ আহিছে । টুলুঙা নাও আৰু বিধ্বস্ত পথে স্তব্ধ কৰিছে ৰাইজৰ ভৱিষ্যৎ।

চেচুগুৰি, চিকাৰী ঘাট, বজাইঘাট আৰু ধোদাং অঞ্চলৰ লোকসকলে নিতৌ টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে। অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অৱহেলা আৰু পথ-দলঙৰ বিধ্বস্ত অৱস্থাই কি বাৰিষা, কি খৰালি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি কৰিছে । এইক্ষেত্ৰত যাতায়ত সুচল ব্য়ৱস্থা গঢ়ি তুলিবলৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande