নগৰবেৰা ধুপধৰা সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ বিধ্বস্ত ৰূপ
কামৰূপ, ২৭ জুন (হি.স.)। কামৰূপৰ নগৰবেৰা ধুপধৰা সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ বিধ্বস্ত ৰূপ দেখিবলৈ পোৱা গৈছে । দীৰ্ঘদিন ধৰি এই গুৰুত্বপূৰ্ণ পথটি মেৰামতিৰ অভাৱত জহি খহি যোৱাত যাতায়তৰ নামত নৰক যন্ত্ৰণা ভুগিছে পথচাৰী সকলে ।প্ৰায় ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ
নগৰবেৰা ধুপধৰা সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ বিধ্বস্ত ৰূপ


কামৰূপ, ২৭ জুন (হি.স.)। কামৰূপৰ নগৰবেৰা ধুপধৰা সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ বিধ্বস্ত ৰূপ দেখিবলৈ পোৱা গৈছে । দীৰ্ঘদিন ধৰি এই গুৰুত্বপূৰ্ণ পথটি মেৰামতিৰ অভাৱত জহি খহি যোৱাত যাতায়তৰ নামত নৰক যন্ত্ৰণা ভুগিছে পথচাৰী সকলে ।প্ৰায় ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই লোক নিৰ্মাণ বিভাগৰ পথটি মেৰামতি কৰিবলৈ বাৰম্বাৰ চৰকাৰ তথা সংশ্লিষ্ট বিভাগক ৰাইজে অনুৰোধ জনাই আহিছে যদিও ৰাইজৰ দাবীক কোনো গুৰুত্ব দিয়া নাই লোক নিৰ্মাণ বিভাগৰ লগতে চৰকাৰে।

যথেষ্ট গুৰুত্বপূৰ্ণ এই পথছোৱাৰে দৈনিক হাজাৰ হাজাৰ পথচাৰীৰ লগতে শ শ যান বাহন গুৱাহাটীলৈ বিপদসংকুল ভাৱে এনেদৰে আহ যাহ কৰে যদিও আজিলৈ বিধ্বস্ত এই পথটি মেৰামতি নকৰাত ক্ষোভ উজাৰিছে ৰাইজে । যাৰ ফলত মৰণক হৰণ দি এনেদৰে যাতায়ত অব্যাহত ৰাখিব লগা হৈছে ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলে । পথছোৱাৰ মাজে মাজে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিবলগীয়া হৈছে কেইবাখন গাঁওৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে । শীঘ্ৰে অঞ্চলটোৰ ৰাইজৰ যাতায়াত ব্যৱস্থা অধিক সু নিশ্চিত কৰি তোলাৰ স্বাৰ্থত সংশ্লিষ্ট পথছোৱা মেৰামতি কৰাৰ দাবী জনাইছে ৰাইজে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande