
বিশ্বনাথ, ২৭ জুন (হি.স.): বিশ্বনাথৰ গেলাপুখুৰীৰ নৰেন বড়ো আৰু ফুলেশ্বৰী বড়োৰ কনিষ্ঠা কন্যা কল্যাণী বড়ো নামৰ যুৱতী নিৰুদ্দেশৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে । পৰিয়ালৰ লোকে জনোৱা অনুসৰি, যোৱা দেওবাৰে তিনিসুঁতিৰ পৰা আলহী খাই ঘৰলৈ উভতি অহাৰ পথৰ পৰাই সন্ধান হীন হৈ আছে ২১ বছৰীয়া যুৱতী গৰাকী।
জানিব পৰামতে আলহী খায় আহি থকা অৱস্থাতে পথ দূৰ্ঘটনা হোৱা বুলি ঘৰলৈ খবৰ দিয়ে আৰু পৰিয়ালৰ লোক উক্ত স্থানত উপস্থিত হয় যদিও কোনো সম্ভেদ বিচাৰি নাপালে। ইতিমধ্যে, যুৱতী গৰাকীৰ পৰিয়ালে বিশ্বনাথ সদৰ আৰক্ষী থানাত যুৱতী গৰাকী সন্ধান হীন সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমান পৰ্যন্ত কোনো সম্ভেদ লাভ কৰা নাই যুৱতী গৰাকীৰ। ইফালে, পেৰেলাইছিছ ৰোগত আক্ৰান্ত ৰুগ্ন পিতৃৰ অৱস্থা শোচনীয় হৈ পৰিছে । চিন্তা আৰু শংকাত পৰিছে অতি দৰিদ্ৰ পৰিয়ালটো। যদি কোনো লোকে যুৱতী গৰাকীৰ সম্ভেদ পায় তেন্তে পৰিয়ালৰ সৈতে ৯৯৬০১ ৮২২১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ