সোণাপুৰ জিলা চিকিৎসালয়ত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাস
সোণাপুৰ জিলা চিকিৎসালয়ত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাস
সোণাপুৰ জিলা চিকিৎসালয়ত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাস

সোণাপুৰ জিলা চিকিৎসালয়ত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাস

কমৰূপ, ২৭ জুন (হি.স.)। সোণাপুৰ জিলা চিকিৎসালয়ত শুকুৰবাৰে ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাস উপস্থিত হৈ আকস্মিক পৰিদৰ্শন কৰে। সেৱাবঞ্চিত ৰোগীৰ দীৰ্ঘদিনীয়া অভিযোগৰ অন্তত এনেদৰে চিকিৎসালয়খনত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে।

চিকিৎসালয়খনত পৰ্যাপ্ত দৰৱ আৰু চিকিৎসক-চিকিৎসাকৰ্মীৰ অভাৱৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি শীঘ্ৰেই সকলো সমস্যাৰ সমাধানৰ আশ্বাস প্ৰদান কৰে । চিকিৎসালয়ত থকা বিনামূলীয়া সেৱা সমূহৰ সুবিধা ৰাইজক গ্ৰহণ কৰাৰো আহ্বান জনায় ড০ তপন দাসে । বিধায়কগৰাকীৰ তৎপৰতাক লৈ ৰোগী তথা চিকিৎসালয় খনৰ কৰ্মীসকলে শলাগ লৈছে।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar

 rajesh pande