পৰ্বতঝোৰাৰ শিঙিমাৰী ৰে’ল পথত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ
কোকৰাঝাৰ, ২৭ জুন (হি.স.)। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ শিঙিমাৰী ৰে‘ল পথত উদ্ধাৰ কৰা হৈছে এজন অচিনাক্ত যুৱকৰ মৃতদেহ । আজি ৰাতিপুৱা ৰে’ল পথত মৃতদেহটো প্ৰত্যক্ষ স্থানীয় ৰাইজ সকলে। যুৱক জনৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । ইফালে যুৱক
পৰ্বতঝোৰাৰ শিঙিমাৰী ৰে’ল পথত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ


কোকৰাঝাৰ, ২৭ জুন (হি.স.)। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ শিঙিমাৰী ৰে‘ল পথত উদ্ধাৰ কৰা হৈছে এজন অচিনাক্ত যুৱকৰ মৃতদেহ । আজি ৰাতিপুৱা ৰে’ল পথত মৃতদেহটো প্ৰত্যক্ষ স্থানীয় ৰাইজ সকলে। যুৱক জনৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ।

ইফালে যুৱক জনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ব্য়ক্ত কৰে স্থানীয় ৰাইজে । বগৰিবাৰী ৰে’ল ষ্টেচনৰ ৰেলৱে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । মৃত যুৱক জনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছে । এইক্ষেত্ৰত আৰক্ষীৰ তদন্তৰ পিছত ওলাই পৰিব এয়া হত্যা নে দুৰ্ঘটনাৰ ঘটনা ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande