
শিৱসাগৰ, ২৭ জুন (হি.স.)। ৰাজ্য়ত অব্য়াহত আছে পশুধনৰ চোৰাং সৰবৰাহ । প্ৰায়ে জব্দ কৰি থকা হৈছে অবৈধভাৱে সৰবৰাহ কৰা গো–ধন। ইয়াৰ মাজতে শিৱসাগৰত যোৱা নিশা গৰু ভৰ্তি ট্ৰাক জব্দ এখন জব্দ কৰা হয় ।
শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰেৰে চোৰাং গৰুৰ বেহা অব্যাহত আছে ।
যোৱা নিশা শিৱসাগৰ আৰক্ষীৰ অভিযানত পুনৰ ৪০ টা চুৰি গৰু উদ্ধাৰ কৰা হয়। ইয়াৰ লগতে দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হ'য়।
লগতে চোৰাং গৰু সৰবৰাহ কৰা এ এছ ০১ এছ চি ৫৯৭২ নম্বৰৰ এখন বৃহৎ আকাৰৰ ট্ৰাক জব্দ কৰে আৰক্ষীয়ে।
আটকাধীন চালক হেণ্ডিমেনৰ নাম ক্ৰমে বিজয় দলে আৰু অমৰ ডেকা বুলি জানিব পৰা গৈছে ।
জানিব পৰামতে, ডিব্ৰুগড় দিশৰ পৰা নগাঁও অভিমুখে চোৰাং গৰু সমূহ কঢ়িয়াই নিওঁতেই শিৱসাগৰ আৰক্ষীয়ে জব্দ কৰে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা