
গুৱাহাটী, ২৭ জুন (হি.স.)। নিষিদ্ধ সংযুক্ত সংযুক্ত মুক্তি মৰ্চাৰ অসম–স্বতন্ত্ৰ (আলফা–স্বাধীন)ৰ দুজন কেডাৰক তিনিচুকীয়াত গ্ৰেপ্তাৰ কৰাৰ পিছতে আজি অসম আৰক্ষীয়ে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি নিৰাপত্তা বাহিনীৰ সহযোগত আৰক্ষীয়ে বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ ৰোধ কৰাত সফল হোৱা বুলি উল্লেখ কৰে ।
আৰক্ষী মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, যোৱা ২৬ জুনত তিনিচুকীয়া আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থা আৰু নিৰাপত্তা বাহিনীৰ সহযোগত চলোৱা চোৰাংচোৱা ভিত্তিক অভিযানত লেখাপানী থানা এলেকাৰ অন্তৰ্গত জাগুনৰ পৰা দুজন সক্ৰিয় আলফা–স্বাধীন কেডাৰক গ্ৰেপ্তাৰ কৰে ।
ধৃত কেডাৰকেইজন স্বয়ম্ভূ দ্বিতীয় লেফটেনেণ্ট চিঞৰ অসম ওৰফে হোমেনজ্যোতি বৰুৱা (২৭) আৰু স্বয়ম্ভূ দ্বিতীয় লেফটেনেণ্ট মনোজ অসম ওৰফে পাপু মৰাণ (৩০) বুলি চিনাক্ত কৰা হৈছে। দুয়োজনেই ২০১৮ চনত আলফা–স্বাধীনত যোগদান কৰিছিল আৰু অসংখ্য সন্ত্ৰাসবাদী কাণ্ডৰ সৈতে জড়িত প্ৰতিষ্ঠিত কেডাৰ আছিল ।
কেডাৰ দুজনৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামগ্ৰীৰ ভিতৰত আছে দুটা এ কে ৫৬ ৰাইফল, ১৭২ টা এ কে ৰাইফলৰ সজীৱ গুলী, দুটা হেণ্ড গ্ৰেনেড, চিৰিঞ্জ আৰু অপিঅ’ইড ড্ৰাগছ থকা মেডিচিন কিট, জংঘলত দীৰ্ঘদিন জীয়াই থকাৰ ব্যৱস্থা, বেকপেক, আৰু নগদ ধনকে ধৰি যুদ্ধ সম্পৰ্কীয় অন্যান্য সামগ্ৰী।
প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে আলফা (স্বাধীন)-এ গ্ৰেপ্তাৰ কৰা কেডাৰসকলক তিনিচুকীয়া চহৰত নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ কৰাৰ দায়িত্ব দিছিল, যাৰ উদ্দেশ্য আছিল জনসাধাৰণৰ মাজত ব্যাপক সন্ত্ৰাস বিয়পোৱা।
এই পৰিকল্পিত কাৰ্য্যই অঞ্চলটোক অস্থিৰ কৰি জনশান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰা বাহ্যিক শক্তিৰ প্ৰভাৱ আৰু সমৰ্থনৰ ইংগিত দিয়ে।
এই সন্দৰ্ভত এটা গোচৰ নম্বৰ ৪২/২০২৬ ইউ/এছ ১০৯/৬১(২)/১৮৯(৪)/১৪৭/১৪৯/১৫১ বিএনএছ, r/w ধাৰা ১০/১৩/১৬(১)(খ)/১৮/১৯/২০/২১/৩৯/৪০ ইউএ(পি) আইন r/w ধাৰা ২৫ (১ক)/২৫(৬)/২৭(২) অস্ত্ৰ আইন r/w ধাৰা ৪/৫/৬ ই এছ আইন লেখাপানী থানাত পঞ্জীয়ন কৰা হৈছে।
জানিব পৰা মতে, ১৭/১০/২০২৫ তাৰিখে কাকোপথাৰস্থিত সেনা শিবিৰত সংঘটিত এম্বুছ আক্ৰমণ, ২১/০৩/২০২৬ তাৰিখে অসম আৰক্ষী কমাণ্ডো শিবিৰত সংঘটিত আক্ৰমণ আৰু ২৩/১০/২০২৪ তাৰিখে জাগুনত ক্ৰুচাৰ কৰ্মচাৰীক অপহৰণ কৰা ঘটনাতো এই দুই কেডাৰ জড়িত আছিল।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ