
নতুন দিল্লী, ২৬ জুন (হি.স.): উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হজৰত ইমাম হুছেইন (এএছ)ৰ কালজয়ী ত্যাগ আৰু সত্য আৰু ন্যায়ৰ প্ৰতি অটল দায়বদ্ধতাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মুহৰ্ৰম উপলক্ষে হজৰত ইমাম হুছেইন (এএছ)ৰ বলিদানৰ স্মৃতিত কয় যে মুহৰ্ৰমে আমাক সাহস, ত্যাগ, মমতা আৰু সত্য আৰু ন্যায়ৰ প্ৰতি অটল দায়বদ্ধতাৰ মূল্যবোধৰ কথা সোঁৱৰাই দিয়ে। এই পবিত্ৰ অনুষ্ঠানটোৱে আমাক সমাজত ভাতৃত্ববোধ, শান্তি, পাৰস্পৰিক সন্মানৰ বান্ধোন শক্তিশালী কৰিবলৈ অনুপ্ৰাণিত কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে হজৰত ইমাম হুছেইন (এএছ)ৰ চিৰন্তন ত্যাগ আৰু সত্য আৰু ন্যায়ৰ প্ৰতি অটল দায়বদ্ধতাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইমাম হুছেইনৰ জীৱন আৰু শ্বহীদ সাহস আৰু দৃঢ়তাৰ শক্তিৰ চিৰন্তন নিদৰ্শন।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হজৰত ইমাম হুছেইন (এএছ)ৰ ত্যাগে বহু লোকক সত্য আৰু ন্যায়ৰ পথত অটল হৈ থাকিবলৈ প্ৰেৰণা যোগাই আছে। ই আমাক সাহস আৰু দৃঢ়তাৰ অদম্য শক্তিৰ কথাও সোঁৱৰাই দিয়ে।
মন কৰিবলগীয়া যে ইছলামিক পঞ্জিকাৰ প্ৰথম মাহ হৈছে মুহৰ্ৰম আৰু ইয়াৰ দশম দিনটোক ‘আছুৰা’ বুলি কোৱা হয়। এই দিনটো ৬১ হিজৰী (৬৮০ খ্ৰীষ্টাব্দ)ত ইৰাকৰ কাৰবালাত ইমাম হুছেইন ইবনে আলী আৰু তেওঁৰ সংগীসকলৰ শ্বহীদ হোৱাৰ স্মৃতিত । এই দিনটোত বিশেষকৈ ছিয়া মুছলমান সম্প্ৰদায়ৰ বাবে শোক প্ৰকাশ কৰা হয়, আনহাতে চুন্নী মুছলমানসকলে এই দিনটোত ৰোজা পালন কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া