
নলবাৰী, ২৬ জুন (হি.স.)। নলবাৰীৰ ভিঠা মহল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চুৰিকাণ্ড। নিশা মুখ্য দুৱাৰ ভাঙি চুৰে প্ৰৱেশ কৰে স্বাস্থ্য কেন্দ্ৰটোত।
চোৰে স্বাস্থ্য কেন্দ্ৰটোৰ সৌৰশক্তি চালিত ৯ টা বেটাৰী চুৰি কৰি লৈ যায়। স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্তৃপক্ষই এই চুৰিৰ কথা জানিবলৈ পাইযে ততাতৈয়াক ঘগ্ৰাপাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । অতি শীঘ্ৰে গভাইত চোৰক কৰায়ত্ত কৰি অঞ্চলটোত ৰাইজ তথা সামগ্ৰীৰ নিৰাপত্তাৰ দিশটো আৰু অধিক কটকটীয়া কৰিবলৈ আৰক্ষী তথা প্ৰশাসনক স্থানীয় লোকে দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু