
গুৱাহাটী, ২৬ জুন (হি.স.)। অম্বুবাচী মহাযোগৰ সময়ত চাৰিদিনকৈ বন্ধ থকাৰ পিছত নিবৃত্তিৰ পিছতেই নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি কৰা হয । পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুকলি হ’ল মা কামাখ্যাৰ দ্বাৰ। শুকুৰবাৰে নিশা ১২ বাজি ২ মিনিট ৩১ ছেকেণ্ড যোৱাৰ লগে লগে হয় নিবৃত্তি । ইয়াৰ পাছতে বিহিত পূজা- অৰ্চনা আৰু মন্ত্ৰচ্চাৰণেৰে মন্দিৰৰ দুৱাৰ দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হয়।
আজি পুৱা ৬-০০ বজাৰ পৰাই ভক্তৰ বাবে আৰম্ভ কৰা হৈছে পূজা- অৰ্চনা। অৱশ্যে শুকুৰবাৰ আৰু শনিবাৰ- এই দিন দুটাত নাথাকিব বিশেষ দৰ্শনৰ ব্যৱস্থা। পৰিচালনা সমিতিয়ে জনোৱা অনুসৰি, ৩০ জুনলৈকে বন্ধ থাকিব ভি আই পি, ভি ভি আই পি সেৱা।
নীলাচলত দেশ বিদেশৰ প্ৰায় ৮ লক্ষাধিক ভক্তই মাৰ আশীৰ্বাদ ল’বলৈ ভিৰ কৰিছে'। অম্বুবাচীৰ নিবৃত্তিৰ পিছতে মা কামাখ্যাৰ আশীৰ্বাদ ল’বলৈ কামাখ্যাধামত ভিৰ কৰিছে লাখ লাখ ভক্তই। চাৰিদিন ধৰি দেশ-বিদেশৰ পৰা অহা সাধু-সন্ত তথা ভক্তসকলে নীচালৰ বুকুত বাহৰ পাতি আছিল। আজি মন্দিৰৰ দুৱাৰ মুকলিৰ পিছতে মাৰ আশীৰ্বাদ লোৱাৰ বাবে ভিৰ কৰিছে সকলোৱে।
অম্বুবাচীৰ নিবৃত্তিৰ পিছত নীলাচলত বাহৰ পাতি থকা দেশ-বিদেশৰ লাখ লাখ ভক্তই আজি পুৱাৰে পৰা মাৰ আশীৰ্বাদ লৈছে । পুৱাৰে পৰা মন্দিৰ দৰ্শনৰ বাবে ভিৰ কৰিছে ভক্তসকলে। উল্লেখযোগ্য যে অম্বুবাচী মহাযোগ উপলক্ষে এইবাৰ কামাখ্যাধামলৈ ৮ লাখৰো অধিক ভক্তৰ সমাগম হোৱা বুলি অনুমান কৰা হৈছে। ভাৰতৰ লগতে বহুসংখ্যক বিদেশী ভক্তই এইবাৰ কামাখ্যা মন্দিৰত ভিৰ কৰা দেখা গৈছে।
অম্বুবাচী মহাযোগৰ চাৰিটা দিন কামাখ্যা মন্দিৰৰ মূল দুৱাৰ বন্ধ থাকে। এই চাৰিটা দিনত সাধু-সন্ন্যাসীসকলে নীলাচলৰ বুকুত বাহৰ পাতি থাকে। চাৰিটা দিনৰ অন্তত অম্বুবাচীৰ নিবৃত্তিৰ পিছত মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে মাৰ আশীৰ্বাদ লয় সাধু-সন্ন্যাসী তথা ভক্তসকলে। এক আধ্যাত্মিক পৰিৱেশ, মন্ত্ৰৰ ধ্বনিৰে জীপাল হৈ পৰিছে নীলাচলৰ চৌপাশ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী