সাধাৰণ সম্পাদক চম্পট ৰায় আৰু সদস্য অনিল মিশ্ৰৰ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ পৰা পদত্যাগ
অযোধ্যা, ২৬ জুন (হি.স.)। অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ বাবে অনুদানৰ পৰা ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপিত তদন্তৰ মাজতে শুকুৰবাৰে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায় আৰু ট্ৰাষ্টৰ সদস্য অনিল মিশ্ৰই পদৰ পৰা পদত্যা
ट्रस्ट के महासचिव चंपत राय और सदस्य अनिल मिश्रा


অযোধ্যা, ২৬ জুন (হি.স.)। অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ বাবে অনুদানৰ পৰা ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপিত তদন্তৰ মাজতে শুকুৰবাৰে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায় আৰু ট্ৰাষ্টৰ সদস্য অনিল মিশ্ৰই পদৰ পৰা পদত্যাগ কৰে। শ্ৰী ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই তেওঁলোকৰ পদত্যাগ নিশ্চিত কৰি কয় যে তদন্তত নিৰপেক্ষতা আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।

খবৰ অনুসৰি চম্পট ৰায় আৰু অনিল মিশ্ৰই ট্ৰাষ্টৰ অধ্যক্ষ মহন্ত নৃত্য গোপাল দাসক পদত্যাগ পত্ৰ দাখিল কৰিছে। অনুদানৰ অভিযোগত হোৱা অনিয়মৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে তদন্ত তীব্ৰতৰ কৰাৰ সময়তে এই পদত্যাগ কৰা হৈছে।

এছ আই টিৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত বৃহস্পতিবাৰে এই গোচৰৰ আঠজন লোকৰ বিৰুদ্ধে প্ৰথম তথ্য প্ৰতিবেদন (এফ আই আৰ) দাখিল কৰা হয়। পৰৱৰ্তী সময়ত আটাইকেইজন অভিযুক্তক জিম্মাত লোৱা হয়। তদন্তই গতি লাভ কৰিছে, আৰু ট্ৰাষ্টৰ দুয়োজন বিষয়াৰ পদত্যাগক এক উল্লেখযোগ্য পৰিঘটনা বুলি বিবেচিত হৈছে।

লক্ষণীয় যে শ্ৰী ৰাম জন্মভূমি মন্দিৰত প্ৰসাদৰ সৈতে জড়িত কথিত অনিয়ম আৰু চুৰিৰ অভিযোগ লাভ কৰাৰ পিছত ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত এক উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে বিশেষ অনুসন্ধান দল (এছআইটি) গঠন কৰে। এছ আই টিয়ে চৰকাৰক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছে, যাৰ ভিত্তিত এই গোচৰত অধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

সম্প্ৰতি এছ আই টিয়ে সমগ্ৰ বিষয়টোৰ সবিশেষ তদন্ত অব্যাহত ৰাখিছে। তদন্তকাৰী সংস্থাটোৰ সৈতে জড়িত বিষয়াসকলে কয় যে সকলো দিশৰ পুংখানুপুংখ তদন্ত চলি আছে আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত তথ্যৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande