গোৱালপাৰাত দিন-দুপৰতে চলিছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা
গোৱালপাৰা, ২৬ জুন (হি.স.)। গোৱালপাৰাত অব্যাহত আছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা। আটাইতকৈ আচৰিত কথাটো হ''ল, গোৱালপাৰা সদৰ থানাৰ পৰা মাত্ৰ প্ৰায় এক কিলোমিটাৰ দূৰত্বত থকা ভালুকডুবি বজাৰত দিন-দুপৰতে মুকলিকৈ চলি আছে এই অবৈধ কাৰ্যকলাপ। আৰক্ষীৰ চকুৰ সন্মুখ
গোৱালপাৰাত দিন-দুপৰতে চলিছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা


গোৱালপাৰা, ২৬ জুন (হি.স.)। গোৱালপাৰাত অব্যাহত আছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা। আটাইতকৈ আচৰিত কথাটো হ'ল, গোৱালপাৰা সদৰ থানাৰ পৰা মাত্ৰ প্ৰায় এক কিলোমিটাৰ দূৰত্বত থকা ভালুকডুবি বজাৰত দিন-দুপৰতে মুকলিকৈ চলি আছে এই অবৈধ কাৰ্যকলাপ। আৰক্ষীৰ চকুৰ সন্মুখতেই এনেদৰে অবৈধ তীৰৰ ঘাটি চলি থকাৰ পিছতো কিয় প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে।

গোৱালপাৰাৰ ভালুকডুবি অঞ্চলত এতিয়া একাংশ অসাধু চক্ৰই মুকলিকৈ চলাই গৈছে তীৰৰ অবৈধ ব্যৱসায়। অভিযোগ অনুসৰি, হাফিজুদ্দিন ওৰফে মুন্সী আৰু জামাল বাদশ্বাহ নামৰ দুজন লোকৰ নেতৃত্বত দীৰ্ঘদিন ধৰি চলি আহিছে এই ছিণ্ডিকেট। পাটনা হাস্পতালৰ সমীপত নিজা ঘৰ আৰু দোকানৰ লগতে ভালুকডুবি বজাৰৰ মাজমজিয়াত কৰ্মচাৰী ৰাখি মুন্সীয়ে চলাইছে তীৰৰ টিকটৰ মুকলি বিক্ৰী।এই অবৈধ তীৰ খেলৰ পাকচক্ৰত পৰি এতিয়া সৰু সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি নৱপ্ৰজন্মলৈকে বহুতৰে ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে। বহু পৰিয়াল আৰ্থিকভাৱে সৰ্বস্বান্ত হোৱাৰ দিশে আগবাঢ়িছে। প্ৰশাসনৰ এই নীৰৱতাত ক্ষুব্ধ হৈ অৱশেষত এগৰাকী সচেতন যুৱকে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জামাল বাদশ্বাহ আৰু হাফিজুদ্দিনৰ বিৰুদ্ধে দাখিল কৰিছে এখন লিখিত অভিযোগ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande