
নতুন দিল্লী, ২৬ জুন (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ অন্তিম ৩২ৰ বাবে আন এখন মেচ নিশ্চিত হৈছে ।পঞ্চবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলে এতিয়া নকআউট পৰ্যায়ত জাপানৰ বিৰুদ্ধে খেলিব । ২৯ জুনত আমেৰিকাৰ হিউষ্টন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেলখন নিশা ১০:৩০ বজাৰ পৰা আৰম্ভ হ’ব।
গ্ৰুপ এফৰ অন্তিমখন খেলত ছুইডেনৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ’ হোৱাৰ পিছত জাপানে চাৰিটা পইণ্ট লাভ কৰি নেদাৰলেণ্ডৰ পিছতে দ্বিতীয় স্থান দখল কৰি অন্তিম ৩২লৈ আগবাঢ়ি যায় । ইফালে ব্ৰাজিলে গ্ৰুপ চিৰ দুটা জয় আৰু এটা ড্ৰ’ৰে শীৰ্ষস্থান দখল কৰি নকআউট পৰ্যায়লৈ আগবাঢ়ি যায় ।
ব্ৰাজিলৰ গ্ৰুপত দ্বিতীয় স্থান দখল কৰা মৰক্কোৱে এতিয়া অন্তিম ৩২ত নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব।
২০২৫ চনৰ অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত ব্ৰাজিল আৰু জাপানৰ মাজত অন্তিমখন খেল অনুষ্ঠিত হৈছিল , য’ত জাপানে ৩-২ গ’লত জয়লাভ কৰি ইতিহাস সৃষ্টি কৰিছিল । ১৪খন মেচত ব্ৰাজিলৰ বিৰুদ্ধে জাপানৰ এইটোৱেই আছিল প্ৰথম জয়।
অৱশ্যে বিশ্বকাপৰ ইতিহাসত দুয়োটা দলৰ মাজত মাত্ৰ এবাৰহে মুখামুখি হৈছে । ২০০৬ চনৰ বিশ্বকাপত ব্ৰাজিলে জাপানক ৪-১ গ’লত পৰাস্ত কৰে। এতিয়া প্ৰায় দুটা দশকৰ পাছত বিশ্বকাপৰ মঞ্চত পুনৰ মুখামুখি হ’ব দুয়োটা দল । জাপানে পূৰ্বৰ জয়ৰ ওপৰত আত্মবিশ্বাসী হোৱাৰ বিপৰীতে ব্ৰাজিলে নিজৰ আকৰ্ষণীয় অভিলেখ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ