
ব্রিষ্টল, ২৬ জুন (হি.স.)। ব্রিটিছৰ প্রথম টি-২০ শতক আৰু এক চমৎকাৰ বলিং প্রদর্শনৰ বাবেই শুকুৰবাৰে (ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম) আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ গ্ৰুপ এ মেচত দক্ষিণ আফ্রিকাই নেদাৰলেণ্ডক ৮৮ ৰানত পৰাস্ত কৰে ৷ এই জয়ৰ জৰিয়তে দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলৰ আশা শক্তিশালী কৰি চাৰিখন মেচৰ পৰা ৬ পইণ্ট লাভ কৰি পইণ্ট তালিকাত ভাৰতক সমতা স্থাপন কৰে । অৱশ্যে নেট ৰান হাৰ উন্নত হোৱাৰ বাবে ভাৰত দ্বিতীয় স্থানত আছে।
টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ বাছি লোৱা দক্ষিণ আফ্ৰিকাই আবণ্টিত ২০ অভাৰত এটা উইকেটত ২০৮ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ তাজমিন ব্ৰিটছে ১১৪ ৰান নট আউটৰ বিস্ফোৰক ইনিংছ খেলাৰ বিপৰীতে অধিনায়ক ল’ৰা উলভাৰ্ডে ৪৫ আৰু এনেৰী ডাৰ্কচেনে মাত্ৰ ১৬টা বলত ৩৭ ৰান সংগ্ৰহ কৰি দলটোক শক্তিশালী স্থানত ৰাখিছিল। প্ৰথম উইকেটৰ বাবে ব্ৰিটিছ আৰু উলভাৰ্ডে ১২১ ৰানৰ অংশীদাৰিত্ব ভাগ কৰে।
ইফালে ২০৯ ৰানৰ লক্ষ্য খেদি নেদাৰলেণ্ডে দ্ৰুত আৰম্ভণি কৰে, পাৱাৰপ্লেত এটা উইকেট হেৰুৱাই ৫০ ৰান সংগ্ৰহ কৰে। ফিবি মলকেনব’ৰে ৪১ আৰু ছানয়া খুৰানাই ৩৬ ৰান সংগ্ৰহ কৰে যদিও তাৰ পিছত দলটোৱে থৰক বৰক কৰে।
দক্ষিণ আফ্ৰিকাৰ বলিঙৰ বিৰুদ্ধে নেদাৰলেণ্ডৰ ইনিংছ ২০ অভাৰত ৮ উইকেটত ১২০ ৰানলৈ হ্ৰাস পায়। আয়াবংগা খাকাই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ক্ল’ ট্ৰয়নে দুজন বেটছমেনক আউট কৰে।
এই জয়ে গ্ৰুপ এৰ দ্বিতীয় ছেমি ফাইনেলিষ্টৰ যুঁজখন আৰু অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। ইতিমধ্যে ইংলেণ্ডে অন্তিম চাৰিটাত স্থান নিশ্চিত কৰিছে। অহা ২৮ জুনত দক্ষিণ আফ্ৰিকাই লীগৰ অন্তিমখন খেলত বাংলাদেশৰ বিৰুদ্ধে খেলিব, আনহাতে ভাৰতে একেদিনাই অষ্ট্ৰেলিয়াৰ শক্তিশালী দলৰ মুখামুখি হ’ব, যিয়ে তেওঁলোকৰ ছেমি ফাইনেলৰ স্থান নিৰ্ধাৰণ কৰিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ