জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ ৰে’ল দলঙৰ কাষত স্কুটি এৰি যুৱক সন্ধানহীন
Assam, 26 জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ ৰেলৰ দলংৰ কাষত স্কুটি এৰি যুৱক সন্ধান হীন৷l # দুদিন ধৰি পৰিত্যক্ত স্কুটি দেখি ৰাইজৰ মাজত চাঞ্চল্য৷l শোণিতপুৰ, ২৬ জুন (হি.স.)। শোণিতপুৰৰ জামুগুৰিহাটত সংঘটিত হৈছে এক চাঞ্চল্য়কৰ ঘটনা। জামুগুৰিহাটৰ তৌভাৰ জীয়াভ
জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ ৰে’ল দলঙৰ কাষত স্কুটি এৰি যুৱক সন্ধানহীন


Assam, 26

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ ৰেলৰ দলংৰ কাষত স্কুটি এৰি যুৱক সন্ধান হীন৷l

# দুদিন ধৰি পৰিত্যক্ত স্কুটি দেখি ৰাইজৰ মাজত চাঞ্চল্য৷l

শোণিতপুৰ, ২৬ জুন (হি.স.)। শোণিতপুৰৰ জামুগুৰিহাটত সংঘটিত হৈছে এক চাঞ্চল্য়কৰ ঘটনা। জামুগুৰিহাটৰ তৌভাৰ জীয়াভৰলী নদীৰ ৰে’ল দলং খনৰ কাষত যোৱা কালি বৃহস্পতিবাৰে বিয়লি গৰাকী বিহীন এএছ ১২ এফ ২৯৩৮ নম্বৰৰ কলা আৰু ৰঙা ৰঙৰ স্কুটিখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলৰটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে ৷ স্থানীয় ৰাইজে হেন্দেল লক কৰি থোৱা অৱস্থাত স্কুটিখন বুধবাৰৰ পুৱাৰে পৰা বৃহস্পতিবাৰৰ বিয়লি পৰ্য্যন্ত উক্ত ঠাইত পৰি থকা দেখি আশ্চৰ্য্য প্ৰকাশ কৰে ৷ এই সন্দৰ্ভত ৰাইজৰ তৰফৰ পৰা জামুগুৰি আৰক্ষী থানাত খৱৰ দিয়া হয় আৰু আৰক্ষীৰ তদন্ততহে ঘটনাটো পোহৰলৈ আহে যে উক্ত স্কুটি খন জামুগুৰিহাটৰে ৰঙাচকুৱা অঞ্চলৰ মৰিসুতি গাঁও নিবাসী জয়প্ৰকাশ শৰ্মাৰ কন্যা সংগীতা শৰ্মাৰ নামত পঞ্জীয়ন ভুক্ত ৷

জামুগুৰিহাটৰে এগৰাকী সাংবাদিকে আৰক্ষীৰ তদন্তত উদ্ধাৰ হোৱা ফোন নম্বৰৰ জৰিয়তে ততাতৈয়াকৈ যোগাযোগ কৰাত স্কুটিখনৰ গৰাকী জয়প্ৰকাশ শৰ্ম্মা ঘটনাস্থলীত উপস্থিত হৈ সন্ধিয়া স্কুটিখন উদ্ধাৰ কৰি নিয়ে ৷ জয়প্ৰকাশ শৰ্ম্মাই জানিবলৈ দিয়ামতে কৰ্মসূত্ৰে বহিৰাজ্যত থকা তেওঁৰ ২৪ বছৰীয়া শিক্ষিত পুত্ৰ সন্দীপ শৰ্মা নিজৰ মোমায়েকৰ বিয়াৰ বাবে চুটিত আহি ঘৰতে আছিল আৰু বুধবাৰে পুৱা ফুৰিবলৈ বুলি জামুগুৰিহাটৰ ধলাইবিলৈ আহি সন্ধানহীন হয় ৷ নিশা পৰ্যন্ত নিজৰ পুত্ৰ ঘৰলৈ ওভতি নোযোৱাৰ বাবে চিন্তিত হৈ পৰি বিভিন্ন ঠাইৰ আত্মীয়ৰ ঘৰত বিচাৰখোচাৰ কৰে যদিও ব্যৰ্থ হয়৷ পিচত উপায়হীন পিতৃয়ে জামুগুৰি আৰক্ষী থানাত নিজৰ পূত্ৰৰ নিৰূদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়৷সম্প্ৰতি আৰক্ষীয়ে নিৰূদ্দিষ্টৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

ইফালে জীয়াভৰলী নদীখনৰ কাষত স্কুটিখন এৰি থৈ যুৱকজন সন্ধানহীন হোৱা ঘটনাই এতিয়া পিতৃ মাতৃ ও পৰিয়ালক অধিত চিন্তিতকৰি তুলিছে৷ সকলোৱে নিজৰ সন্তান সো শৰীৰে নিজৰ ঘৰলৈ ওভতি অহাৰ কামনাৰে পৰমেশ্বৰক প্ৰাৰ্থনা জনাইছে ৷

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande