
শিৱসাগৰ, ২৬ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে শিৱসাগৰ আৰক্ষীৰ উদ্যোগত আজি ধ্বংস কৰা হয় জব্দকৃত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছবিৰোধী দিৱসৰ দিনটোতেই শিৱসাগৰ জিলাৰ ডিমৌ ৰজাবাৰীস্থিত চুকাফা ছুপাৰ মাল্টিস্পেচিয়েলিটি চিকিৎসালয় চৌহদত জ্বলোৱা হয় মুঠ তেৰ কোটি টকাৰ ড্ৰাগছ ।
শিৱসাগৰ আৰক্ষীয়ে বিগত সময়ত হেৰ’ইন ৩৮৭৭ গ্ৰাম, ১০০৯ কেজি গাঞ্জা আৰু ২৯৬০ পেকেট বিদেশী চিগাৰেট জব্দ কৰিছিল । জব্দকৃত ড্ৰাগছখিনি আজি ড্ৰাগছ বিৰোধী দিৱসৰ দিনটোতে চিকিৎসালয়খনৰ চৌহদত জ্বলাই পেলোৱা হয় । শিৱসাগৰ আৰক্ষীয়ে বিগত সময়ত জব্দ কৰা ড্ৰাগছ নষ্ট কৰা কাৰ্য্যসূচীত শিৱসাগৰ জিলা আৰু আৰক্ষী প্ৰশাসনৰ লগতে স্বাস্থ্য আৰু আবকাৰী বিভাগৰ লোক উপস্থিত থাকে।
অনাগত সময়ত শিৱসাগৰ আৰক্ষীয়ে ড্ৰাগছ আৰু ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি শিৱসাগৰ জিলা জ্য়েষ্ঠ্য আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই জানিবলৈ দিয়ে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু