
তামুলপুৰ, ২৬ জুন (হি.স.)। তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা পথ সুৰক্ষা সমিতিৰ জুন মাহৰ বৈঠকখন আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত চিমি কৰণৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ পথ সুৰক্ষাৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত পূৰ্বৰ বৈঠকসমূহত গ্ৰহণ কৰা সিদ্ধান্তৰ অগ্ৰগতি, সংশ্লিষ্ট বিভাগসমূহে গ্ৰহণ কৰা ব্যৱস্থা আৰু শেহতীয়া কাৰ্যকৰী প্ৰতিবেদন পৰ্যালোচনা কৰা হয়।
বৈঠকত অভাৰ লোডিং, যান-জঁট, অবৈধ পাৰ্কিং, পথ মেৰামতি, উদঙীয়া গৰু-কুকুৰ, জনসাধাৰণৰ অভিযোগ আদি বিষয়ে গুৰুত্ব লাভ কৰে। জিলাখনত যাতে পথ দুৰ্ঘটনা হ্ৰাস কৰিব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক যুটীয়া অভিযান চলাবলৈও আহ্বান জনায়। তেওঁ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক পথ সুৰক্ষাৰ নীতি-নিয়ম অৱগত কৰোৱাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। পথ সুৰক্ষাৰ বৈঠকখনৰ পাছতে এনকৰ্ড-ৰ মাহিলি বৈঠকখনো অনুষ্ঠিত হয়। বৈঠকৰ আৰম্ভণিতে যোৱা মাহৰ বৈঠকৰ পৰ্যালোচনা কৰা হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণৰ মাজত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ বন্ধ কৰা, জিলাখনত অবৈধ সুৰাৰ বিক্ৰী বন্ধ কৰা আৰু ফাৰ্মাচীসমূহত উপযুক্ত ফাৰ্মাচিষ্টৰ উপস্থিতি নিশ্চিত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে আলোচনা হয়। আজিৰ বৈঠকত জিলা আয়ুক্ত চিমি কৰণৰ লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, জিলা প্ৰশাসনৰ বিষয়াবৰ্গ আৰু বিভিন্ন বিভাগৰ মূৰব্বীসকল উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ