গোলাঘাটৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত
গোলাঘাটৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
গোলাঘাটৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত


গোলাঘাট, ২৬ জুন (হি.স.): গোলাঘাট জিলাৰ ৰঙাজানত যোৱা কালি বৃহস্পতিবাৰে বিয়লি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । এখন যাত্ৰী বাহী মেজিকক এখন ট্ৰেইলাৰ ট্ৰাকে খুন্দিওৱাৰ ফলতে এই দুৰ্ঘটনাটো ঘটে। এই ঘটনাত কেইবাগৰাকী লোক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত প্ৰাপ্ত হৈছে।

গোলাঘাটৰ পৰা নুমলীগড় অভিমুখী এএছ ০৫ চি ৫৩৮১ নম্বৰৰ মেজিক খনক সন্মুখৰ পৰা গৈ থকা এনএল ০১ এজি ৬২৫২ নম্বৰৰ এখন ট্ৰেইলাৰ বাহনে খুন্দা মাৰে। ইয়াৰ ফলত মেজিক খনত থকা প্ৰায় ৬/৭ গৰাকী যাত্ৰী গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত প্ৰাপ্ত হয় । আঘাত প্ৰাপ্ত সকলক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande