গহপুৰত পথ দূৰ্ঘটনাত আহত বাইক আৰোহী
ট্ৰাকৰ তলত সোমাল স্কুটি আৰোহী।
গহপুৰত পথ দূৰ্ঘটনাত আহত বাইক আৰোহী


বিশ্বনাথ, ২৬ জুন (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰৰ মাগনিত যোৱা কালি বৃহস্পতিবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।তীব্ৰ বেগী ট্ৰাকে বাইক এখনত খুণ্ডা মৰাৰ ফলতে এই ঘটনা ঘটে। এই দুৰ্ঘটনাত আহত হয় দুই বাইক আৰোহী ।

জানিব পৰামতে, তীব্ৰবেগী ট্ৰাকে পিছফালৰ পৰা খুন্দা মাৰে বাইক আৰোহীদ্বয়। ফলত স্বপন ভূঞা আৰু গৌতম হাজৰিকা নামৰ আৰোহীদ্বয় গুৰুতৰভাৱে আহত হয় । এই ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত গহপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইফালে গুৰুতৰভাৱে আহত দুয়োগৰাকী বাইক আৰোহীক শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande