গৌৰীপুৰৰ ৰাইপুৰ গাওঁ পঞ্চায়তৰ লালকুৰা গাঁৱৰ মুখ্য পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক
ধুবুৰী, ২৬ জুন (হি.স.)। ধুবুৰী জিলাৰ গৌৰীপুৰৰ এখন গাঁওৰ মুখ্য পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত ৰাইপুৰ গাওঁ পঞ্চায়তৰ লালকুৰা গাওঁ খনৰ মুখ্যপথ চোৱাৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। জৰা
গৌৰীপুৰৰ ৰাইপুৰ গাওঁ পঞ্চায়তৰ লালকুৰা গাঁৱৰ মুখ্য পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক


ধুবুৰী, ২৬ জুন (হি.স.)। ধুবুৰী জিলাৰ গৌৰীপুৰৰ এখন গাঁওৰ মুখ্য পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত ৰাইপুৰ গাওঁ পঞ্চায়তৰ লালকুৰা গাওঁ খনৰ মুখ্যপথ চোৱাৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। জৰাজীৰ্ণ হৈ পৰাত যাতায়তৰ পথ নে -নলা ধৰিবই নোৱাৰি । পথৰ দুৰৱস্থাই সঘনাই বৃ্দ্ধি পাইছে দুৰ্ঘটনাৰ।

ভাৰত স্বাধীনৰ পূৰ্বৰ পৰাই আজিলৈকে গাঁওখনে লাভ নকৰিলে পকী পথ। গাঁওখনত নাই যাতায়তৰ ব্যৱস্থা, নাই পৰ্যাপ্ত পৰিমাণৰ খোৱা পানীৰ ব্যৱস্থা উন্নয়নৰ দিশত একেবাৰে পিছপৰি থকা গাওঁ। গাওঁ খনৰ ৰাইজে নিজৰ গাঁঠিৰ ধনৰে মেৰামতি কৰি যাতায়ত কৰিছে পথ চোৱাৰে। প্ৰত্যেক দিনেই এই পথেৰে কেইবা খনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাৰ লগতে হেজাৰ হেজাৰ ৰাইজ যাতায়ত কৰে।

এদিন বৰষুণ হলে এসপ্তাহ ধৰি চলাচল কৰিব পৰা নাযায় পথেৰে।

বৰ্তমানে গাঁও খনৰ চলাচলৰ একমাত্ৰ উপায় হৈছে ইৰিক্সা যদিওঁ গাঁওখনৰ নাম শুনিলে ইৰিক্সাও নাহে বুলি গাওঁবাসীয়ে মন্তব্য কৰে।

অনতি পলমে স্থানীয় বিধায়ক গৰাকীক গাঁও খনৰ পথচোৱা নিৰ্মাণৰ কৰি দিবলৈ দাবী জনায় গাওঁ খনৰ ৰাইজে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande