জনীয়াৰ ডাউকমাৰী এটা পথৰ দুৰৱস্থা
জনীয়াৰ ডাউকমাৰী এটা পথৰ দুৰৱস্থা।
জনীয়াৰ ডাউকমাৰী এটা পথৰ দুৰৱস্থা


বৰপেটা, ২৬ জুন (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ ডাউকমাৰী এটা পথৰ দুৰৱস্থাৰ বাবে যাতায়তৰ ক্ষেত্ৰত তীব্ৰ অসুবিধাৰ সৃষ্টি হৈছে ।জনীয়াৰ ডাউকমাৰীৰ জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ৰাইজক । ডাউকমাৰী পৰা বাংলীপাৰালৈ যোৱা পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক।

দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথত এজাক বৰষুণতেই জমা হয় একাঁঠুলৈকে পানী । ইয়াৰ ফলত বৃহত্তৰ অঞ্চলৰ স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰাইজে চলাচলৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিছে। পথটো মেৰামতি নকৰাত স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৰাইজে। অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিক উক্ত পথচোৱা মেৰামতি কৰি চলাচল সুচল কৰাৰ আহ্বান জনায় বৃহত্তৰ জনীয়া আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাইজে। অন্যথা বৃহত্তৰ জনীয়া আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ সহযোগত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande