
কোকৰাঝাৰ, ২৬ জুন (হি.স.)। গোসাইগাঁৱৰ ২ নম্বৰ সেৰফাংগুৰী আৰু তেলিপাৰা কৃষি গৱেষণা কেন্দ্ৰ হৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ লৈ সংযোগী এটা ব্যস্ত পথ পুখুৰী সদৃশ দৃশ্য।
খবৰ নাই বিভাগীয় কতৃপক্ষৰ গোসাইগাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত কৃষি গৱেষণা কেন্দ্ৰ মাজেৰে যোৱা পথৰ পুখুৰী সদৃশ দৃশ্যই আপোনাৰো চকু কপালত তুলিব।প্ৰকাণ্ড প্ৰকাণ্ড গাতে ৰাইজসকল যমৰ যাতনা ভুগিছে। প্ৰতিদিন ব্যস্ত পথচোৱা শ শ ছাত্ৰ-ছাত্ৰী,জৰুৰী সেৱা,সৰ্বসাধাৰণ ৰাইজৰ একমাত্ৰ পথ।খবৰ নাই বিভাগীয় কতৃপক্ষৰ। যাৰ ফলৰ দীৰ্ঘদিন ধৰি উক্ত অঞ্চলৰ ৰাইজে যমৰ যাতনাত ভুগিছে।বৰ্তমানৰ স্থানীয় বিধায়কক পথচোৱা মেৰামতিৰ বাবে আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ