প্ৰধানমন্ত্ৰী মোদীৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু ছত্ৰপতি শাহু মহাৰাজৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন
নতুন দিল্লী, ২৬ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কিংবদন্তি সাহিত্যিক বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু সামাজিক ন্যায়ৰ পথ প্ৰদৰ্শক ৰাজৰ্ষী ছত্ৰপতি শাহু মহাৰাজৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ বংকিম চন্দ্ৰ চট্টোপাধ্যা
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


নতুন দিল্লী, ২৬ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কিংবদন্তি সাহিত্যিক বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু সামাজিক ন্যায়ৰ পথ প্ৰদৰ্শক ৰাজৰ্ষী ছত্ৰপতি শাহু মহাৰাজৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ক এজন মহান সাহিত্যিক হিচাপে স্মৰণ কৰিছিল, যাৰ ৰচনাই ভাৰতীয় প্ৰজন্মৰ মাজত দেশপ্ৰেম আৰু সাংস্কৃতিক গৌৰৱৰ মনোভাৱ জ্বলাই দিছিল।

এক্সত পোষ্ট কৰা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাই কয় যে এজন মহান সাহিত্যিক হিচাপে তেওঁৰ ৰচনাসমূহে ভাৰতীয় প্ৰজন্মৰ মাজত দেশপ্ৰেম আৰু সাংস্কৃতিক গৌৰৱৰ মনোভাৱ উজলাই তুলিছে। তেওঁৰ চহকী সাহিত্যিক কৰ্মই আমাৰ মনক আলোকিত কৰি ৰাখিছে আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ প্ৰতি আমাৰ সামূহিক সংকল্পক শক্তিশালী কৰি ৰাখিছে।

এই বছৰৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে দেশত বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে। তেওঁ কয় যে বন্দে মাতৰমৰ জৰিয়তে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ভাৰতীয় স্বাধীনতা আন্দোলন আৰু জাতিলৈ প্ৰেৰণাৰ অন্যতম চিৰস্থায়ী উৎস প্ৰদান কৰিছিল।

আন এটা পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজৰ্ষী ছত্ৰপতি শ্বাহু মহাৰাজৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ সামাজিক ন্যায় আৰু সমতাৰ প্ৰবল সমৰ্থক। বঞ্চিত, শোষিত, পিছপৰা শ্ৰেণীৰ উত্থানৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ মহান কৰ্ম আৰু আদৰ্শই আগন্তুক যুগ যুগ ধৰি ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি থাকিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande