বজালীৰ শুকমানাত ভৱানীপুৰ আৰক্ষীৰ অভিযান , ড্ৰাগছ সহ সৰবৰাহকাৰী আটক
বৰপেটা, ২৬ জুন (হি.স.)। বজালীৰ শুকমানাত ভৱানীপুৰ আৰক্ষীৰ অভিযান ।৬৬ গ্ৰাম হেৰ''ইনসহ এগৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক ।গোপন সুত্ৰৰ পম খেদি ভৱানীপুৰ আৰক্ষীয়ে ড্ৰাগছ সহ ব্যৱসায়ীজনক আটক কৰিবলৈ সক্ষম হয় ।আটকাধীন ব্যৱসায়ীজন দক্ষিণ শুকমানাহ গাঁৱৰ বাবলু ৰহমান
বজালীৰ শুকমানাত ভৱানীপুৰ আৰক্ষীৰ অভিযান , ড্ৰাগছ সহ সৰবৰাহকাৰী আটক


বৰপেটা, ২৬ জুন (হি.স.)। বজালীৰ শুকমানাত ভৱানীপুৰ আৰক্ষীৰ অভিযান ।৬৬ গ্ৰাম হেৰ'ইনসহ এগৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক ।গোপন সুত্ৰৰ পম খেদি ভৱানীপুৰ আৰক্ষীয়ে ড্ৰাগছ সহ ব্যৱসায়ীজনক আটক কৰিবলৈ সক্ষম হয় ।আটকাধীন ব্যৱসায়ীজন দক্ষিণ শুকমানাহ গাঁৱৰ বাবলু ৰহমান ।পূৰ্বেও ড্ৰাগছ ব্যৱসায়ীত জড়িত হৈ গ্ৰেপ্তাৰ হৈছিল লোকজন ।

আটকাধীন লোকজনৰ দেহত চলোৱা তালাচীৰ সময়ত স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত এটা সেউজীয়া ৰঙৰ পলিথিনৰ পেকেটৰ ভিতৰত থকা ৫৩ টা প্লাষ্টিকৰ ভাইলত ভৰাই ৰখা হেৰ'ইন উদ্ধাৰ কৰে আৰক্ষীয়ে ।প্লাষ্টিকৰ ভাইলসমূহসহ জব্দ কৰা পদাৰ্থখিনিৰ মুঠ ওজন ৬৬ গ্ৰাম আৰু মূল্য প্ৰায় লক্ষাধিক টকাৰ ।ইয়াৰ উপৰিও অভিযানৰ সময়ত এ এছ ১৫ আৰ ১৪৩২ নম্বৰৰ এখন য়ামাহা এফ জেদ–এছ মটৰচাইকেলো জব্দ কৰা হয়।আৰক্ষীয়ে আটক কৰাৰ সময়ত এগৰাকী আৰক্ষীক কামুৰি পলাবলৈও চেষ্টা কৰিছিল ধৃত বাবলু ৰহমানে ।পিছত অভিযুক্তজনক ভৱানীপুৰ আৰক্ষীয়ে আটক কৰি অধিক তদন্তৰ বাবে ভৱানীপুৰ আৰক্ষী চকীলৈ লৈ যায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande