শিৱসাগৰ আৰক্ষীয়ে ধ্বংস কৰিলে শেহতীয়াকৈ বিভিন্ন অভিযানত জব্দ কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী
শিৱসাগৰ, ২৬ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ বিৰোধী দিৱস উপলক্ষে নিচাজাতীয় সামগ্ৰী ধ্বংস। শিৱসাগৰ আৰক্ষীয়ে শেহতীয়াকৈ বিভিন্ন অভিযানত জব্দ কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ধ্বংস কৰে। নিচাজাতিয় সামগ্ৰী সমুহৰ মুল্য প্ৰায় ১৩ কোটি । ড্ৰাগমুক্ত সমা
শিৱসাগৰ আৰক্ষীয়ে ধ্বংস কৰিলে শেহতীয়াকৈ বিভিন্ন অভিযানত জব্দ কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী


শিৱসাগৰ, ২৬ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ বিৰোধী দিৱস উপলক্ষে নিচাজাতীয় সামগ্ৰী ধ্বংস।

শিৱসাগৰ আৰক্ষীয়ে শেহতীয়াকৈ বিভিন্ন অভিযানত জব্দ কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ধ্বংস কৰে। নিচাজাতিয় সামগ্ৰী সমুহৰ মুল্য প্ৰায় ১৩ কোটি ।

ড্ৰাগমুক্ত সমাজ গঠনৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ বিৰোধী দিৱসত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে শিৱসাগৰ আৰক্ষীয়ে।

জিলাখনৰ বিভিন্ন স্থানত চলোৱা অভিযানত জব্দ কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী একত্ৰিত কৰি ডিমৌৰ চুকাফা চিকিৎসালয়ৰ চৌহদত ধ্বংস কৰা হয়।

শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া আৰু উপ-আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত সম্পন্ন হয় এই কাৰ্যসূচী। উপস্থিত আৰক্ষী বিষয়াসকলে ড্ৰাগৰ বিৰুদ্ধে চলি থকা কঠোৰ অভিযান অব্যাহত থাকিব বুলি স্পষ্ট বাৰ্তা প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande