
কামৰূপ, ২৬ জুন (হি.স.)। ৰঙিয়াত জিএছটি সম্পৰ্কীয় বিশেষ সজাগতা সভা।
গুৱাহাটী কৰ ভৱন (ইউনিট বি)-ৰ উদ্যোগত আৰু চেম্বাৰ অব্ কমাৰ্চ, ৰঙিয়াৰ সহযোগত
আজি জিএছটি সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰা হয়। স্থানীয় 'ৰাইজমেল কৃষক শ্বহীদ ভৱন' প্ৰাঙ্গণত অনুষ্ঠিত সভাত ৰঙিয়াৰ ভালেসংখ্যক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে।
সভাত কৰ বিভাগৰ উপ আয়ুক্ত ৰিণ্টু কুমাৰ শৰ্মা আৰু অধীক্ষক পংকজ বৰ্মন উপস্থিত থাকি ব্যৱসায়ীসকলক জিএছটি সম্পৰ্কীয় বিভিন্ন শেহতীয়া অধিনিয়মৰ বিষয়ে অৱগত কৰে।
অনুষ্ঠানত ৰঙিয়া চেম্বাৰ অব কমাৰ্চৰ উপ-সভাপতি হৰি ৰাম ক্যাল, সম্পাদক মুকুতানন্দ ভট্টাচাৰ্য, স্থানীয় চিএ প্ৰিন্স চাৰাফৰ লগতে সুশিল জাজোদিয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা