হাইলাকান্দিত মহৰমৰ শোভাযাত্ৰাৰ পৰা জব্দ চোকা অস্ত্ৰ
হাইলাকান্দি, ২৬ জুন (হি.স.)। হাইলাকান্দিত মহৰমৰ শোভাযাত্ৰাৰ পৰা জব্দ চোকা অস্ত্ৰ। হাইলাকান্দিত মহৰমৰ শোভাযাত্ৰাৰ মাজতে আৰক্ষীৰ অভিযান। শোভাযাত্ৰাত ব্যৱহাৰ কৰা এখন বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে পাঁচখন তৰোৱাল আৰু এখন দা। উল্লেখ্য, এইবাৰ জিলা প্ৰশাসন
হাইলাকান্দিত মহৰমৰ শোভাযাত্ৰাৰ পৰা জব্দ চোকা অস্ত্ৰ


হাইলাকান্দি, ২৬ জুন (হি.স.)। হাইলাকান্দিত মহৰমৰ শোভাযাত্ৰাৰ পৰা জব্দ চোকা অস্ত্ৰ।

হাইলাকান্দিত মহৰমৰ শোভাযাত্ৰাৰ মাজতে আৰক্ষীৰ অভিযান। শোভাযাত্ৰাত ব্যৱহাৰ কৰা এখন বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে পাঁচখন তৰোৱাল আৰু এখন দা। উল্লেখ্য, এইবাৰ জিলা প্ৰশাসন আৰু মহৰম উদযাপন সমিতিসমূহে যৌথভাৱে সিদ্ধান্ত লৈ শোভাযাত্ৰাত চোকা আৰু মাৰাত্মক অস্ত্ৰ প্ৰদৰ্শন সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছিল। সেই সিদ্ধান্ত উলংঘা কৰি অস্ত্ৰ কঢ়িয়াই অনাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande