মঙ্গলদৈত মৰেল পুলিচৰ ঘটনা
দৰং, ২৬ জুন (হি.স.)। মঙ্গলদৈত মৰেল পুলিচৰ ঘটনা। ৫ বছৰীয়া শিশুক অকথ্য নিৰ্যাতন। তামোল গছত বান্ধি নিৰ্যাতন কৰে এটি পৰিয়ালে। শিশুটিয়ে ঘৰৰ ওচৰৰে দোকানৰ পৰা চিপছ্ কিনিব গৈ পইছা চোৰ কৰা বুলি সন্দেহত তামোল গছত বান্ধি নিৰ্যাতন চলাই। এই ঘটনা মঙ্গলদৈ
মঙ্গলদৈত মৰেল পুলিচৰ ঘটনা


দৰং, ২৬ জুন (হি.স.)। মঙ্গলদৈত মৰেল পুলিচৰ ঘটনা।

৫ বছৰীয়া শিশুক অকথ্য নিৰ্যাতন।

তামোল গছত বান্ধি নিৰ্যাতন কৰে এটি পৰিয়ালে।

শিশুটিয়ে ঘৰৰ ওচৰৰে দোকানৰ পৰা চিপছ্ কিনিব গৈ পইছা চোৰ কৰা বুলি সন্দেহত তামোল গছত বান্ধি নিৰ্যাতন চলাই।

এই ঘটনা মঙ্গলদৈ থানাৰ অন্তৰ্গত গেৰিমাৰীত।

স্থানীয় লোকে মাতৃক খৱৰ দিয়াত মাতৃ আৰু আইটাকে গৈ শিশুটিক বান্ধি থোৱাৰ পৰা লৈ যাব খোজে যদিও দোকান খনৰ মালিকে গাঁঠি খুলিব নিদিয়ে।

শিশুটিৰ পৰিয়ালে ইতিমধ্যে মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰে আৰু ঘটনাৰ লগত জড়িত থকা দোকানৰ মালিক গৌৰী দাস আৰু নাবালক পুত্ৰক থানালৈ লৈ আনে।

পৰবৰ্তী সময়ত আইনে এই মৰেল পুলিচৰ ঘটনাৰ লগত জড়িত ব্যক্তি সকলৰ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande