
কাৰ্বি আংলং, ২৬ জুন (হি.স.)। ডিফুত কাৰ্বি আংলং আৰক্ষীয়ে দাহ কৰিলে জব্দ কৰা ড্ৰাগছ।
ইয়াৰে হেৰ'ইন ৪৮৮৪.৯১গ্ৰাম, গাঞ্জা ৮০০.২৪০ কেজি, মৰ্ফিন ৩২.১৯৬০৯কেজি, প'পিষ্ট্ৰ ৯.৪৯০৫৮ কেজি, নিচাযুক্ত টেবলেট ৫৮৮৫৯টা আৰু ক'ফ ছিৰাপ ১৬০টা বটল। দাহ কৰা ড্ৰাগছৰ বজাৰ মূল্য ৪৮,৩৪,৬৯,০৫৯ টকা।
জিলাখনৰ খটখটি, ডিফু, বৰপথাৰ, ডিলাই থানাই এই ড্ৰাগছখিনি জব্দ কৰিছিল। ড্ৰাগছ নিষ্পত্তি সমিতিৰ অনুমোদন মৰ্মে ডিফু- মাঞ্জা পথত থকা ইটা ভাটাত ড্ৰাগছ দাহ কৰি কাৰ্বি আংলং আৰক্ষী অতিৰিক্ত অধ্যক্ষ(ক্ৰাইম) পাৰ্থপ্ৰতীম শইকীয়াই এই কথা জানি
ব দিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু