
শোণিতপুৰ, ২৬ জুন (হি.স.)। জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ খেৰণিত বন্যহস্তীৰ সন্ত্ৰাস।
নষ্ট কৰিছে কৃষকৰ খেতিবাতিৰ লগতে ভাঙিলে টঙীঘৰ।
বন্যহস্তীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপুৰন দিয়াৰ কথা প্ৰকাশ কৰিলে বনবিভাগে।
প্ৰতিদিনেই জামুগুৰিহাটৰ উত্তৰাঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে।কালি নিশাও অহা বন্যহস্তীৰ জাকে খেৰণি অঞ্চলত উপদ্ৰৱ চলাই কৃষকৰ খেতিবাতি নষ্ট কৰাৰ লগতে ভাঙি পেলাই কেইবাটাও টঙি ঘৰ। অৱশ্যো বনবিভাগৰ লোক উপস্থিত হৈ বন্যহস্তীৰ সন্ত্ৰাসত ক্ষতিসাধন হোৱা কৃষক ৰাইজক ক্ষতিপুৰন দিয়াৰ কথা জানিবলৈ দিয়ে।অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ ৰোধত ৰোধৰ বাবে স্থানীয় ৰাইজে ইলেকট্ৰিক ফেন্সিংৰ ব্যৱস্থাৰ দাবী জনাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু