
নতুন দিল্লী, ২৬ জুন (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱনৰ বিৰোধী দিৱসত নাগৰিকসকলক ‘ড্ৰাগছমুক্ত ভাৰত’ গঢ়ি তোলাৰ সামূহিক সংকল্প পুনৰ সুদৃঢ় কৰিবলৈ আহ্বান জনায়।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ‘ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱসত আহক আমি ‘ড্ৰাগছমুক্ত ভাৰত’ গঢ়ি তোলাৰ বাবে আমাৰ সামূহিক সংকল্প নবীকৰণ কৰোঁ। এই অভিযানক সক্ৰিয়ভাৱে প্ৰচাৰ কৰা বিশ্ববিদ্যালয়, শিক্ষানুষ্ঠান, আৰু সংস্থাসমূহৰ প্ৰশংসা কৰিছোঁ, তেওঁলোকৰ প্ৰচেষ্টাই এক শক্তিশালী, সুস্থ, আৰু ড্ৰাগছমুক্ত ভাৰত গঢ়ি তোলাৰ দিশত এক অৰ্থপূৰ্ণ অৱদান আগবঢ়াইছে আহক আমি সকলোৱে একত্ৰিত হৈ সজাগতা বিয়পাই দিওঁ, নিচা এৰি দিয়াৰ প্ৰক্ৰিয়াত থকাসকলক সহায় কৰোঁ, আৰু আমাৰ যুৱক-যুৱতীসকলক নিচাতকৈ আশা, স্বাস্থ্য, আৰু জীৱনৰ উদ্দেশ্য বাছি ল’বলৈ অনুপ্ৰাণিত কৰোঁ।”
অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ড্ৰাগছ সেৱনৰ বিশ্বব্যাপী প্ৰত্যাহ্বানৰ বিৰুদ্ধে সৰ্বাধিক শক্তিশালী যুঁজ দিছে। নাৰ্কো-কাৰ্টেল (আন্তঃৰাষ্ট্ৰীয় অপৰাধী সংগঠন)সমূহ দৃঢ়ভাৱে ভাঙি পেলোৱা হৈছে আৰু আক্ৰান্ত ব্যক্তিসকলৰ সৈতে উপযুক্ত যত্ন আৰু মমতাৰ ব্যৱহাৰ কৰা হৈছে। এই দিনটোৱে আমাৰ যুৱ প্ৰজন্মক ড্ৰাগছ সেৱনৰ পৰা ৰক্ষা কৰাৰ সংকল্পক আৰু অধিক শক্তিশালী কৰক।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া