
শিৱসাগৰ, ২৬ জুন (হি.স.)। আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস।অন্যান্য স্থানৰ লগতে শিৱসাগৰ জিলাতো আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়।শিৱসাগৰ নগৰৰ জেঙনিকটিয়াবাসী যুৱক সকলে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰাৰ লগতে এই বৰবিহৰ ব্যৱসায়ৰ সৈতে জড়িত সকলক কঠোৰভাবে সকীয়নি প্ৰদান কৰে।
শেহতীয়াকৈ শিৱসাগৰ জিলাত ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।আৰক্ষীৰ জালত পৰিছে এটাৰ পাছত আনটো ড্ৰাগছ সৰবৰহকাৰী । যোৱা নিশা শিৱসাগৰ সদৰ আৰক্ষীয়ে জেঙনিকটিয়াৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে জিলাখনৰ গৌৰীসাগৰ আৰক্ষীয়ে নামদাং শিলৰ সাঁকোৰ সমীপৰ পৰা এজন ড্ৰাগছ সৰবৰাহ আৰু সেৱনকাৰীক আটক কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ