শিৱসাগৰ জেঙনিকটিয়া ডেকা বৰ বৰুৱা পথত ড্ৰাগছ জব্দ
শিৱসাগৰ, ২৬ জুন (হি.স.)। শিৱসাগৰ আৰক্ষী বৃহৎ সফলতা। শিৱসাগৰ জেঙনিকটিয়া ডেকা বৰ বৰুৱা পথত যোৱা নিশা উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে ড্ৰাগছসহ এগৰাকী মহিলা আটক ইতিমধ্যে মহিলা গৰাকী স্বামী পলাতক। শিৱসাগৰ আৰক
শিৱসাগৰ জেঙনিকটিয়া ডেকা বৰ বৰুৱা পথত ড্ৰাগছ জব্দ


শিৱসাগৰ, ২৬ জুন (হি.স.)। শিৱসাগৰ আৰক্ষী বৃহৎ সফলতা। শিৱসাগৰ জেঙনিকটিয়া ডেকা বৰ বৰুৱা পথত যোৱা নিশা উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী।

আৰক্ষীয়ে ড্ৰাগছসহ এগৰাকী মহিলা আটক ইতিমধ্যে মহিলা গৰাকী স্বামী পলাতক। শিৱসাগৰ আৰক্ষীৰ জালত পৰা মহিলা গৰাকী কলিয়াবৰৰ জেচমিন বেগম । জেচমিন বেগমৰ স্বামী চাদিকুল ইছলাম পলাতক । শিৱসাগৰ জেঙনিকটিয়া ডেকা বৰ বৰুৱা পথৰ এজন লোকৰ ভাড়াতীয়া হিচাপে আছিল ড্ৰাগছ সৰবৰাহকৰী।

আৰক্ষীয়ে এটা বৃহৎ চাবোনৰ কনটেইনাৰ সহ জব্দ ড্ৰাগছ । জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন ৪১.০৪ গ্ৰাম । আৰক্ষী অভিযান কালত বহু পৰিমাণে কাঁহৰ বাচন বৰ্তন উদ্ধাৰ। শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম।আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বাবুল মেধিৰ লগতে নগৰ পৰিদৰ্শক দেৱশীষ শৰ্মাৰ নেতৃত্বত এটা বৃহৎ আৰক্ষী দলে অভিযান চলাই জব্দ কৰে ড্ৰাগছ খিনি। শেহতীয়াকৈ শিৱসাগৰ শিৱসাগৰ আৰক্ষীয়ে জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande