অম্বুবাচীৰ মহাযোগৰ অন্তত সোণাপুৰৰ জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ
গুৱাহাটী, ২৬ জুন (হি.স.)। অম্বুবাচীৰ মহাযোগৰ অন্তত সোণাপুৰৰ জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ। প্ৰাণৰ শিল্পীলৈ বন্তি জ্বলাই আগবঢ়ালে শ্ৰদ্ধাঞ্জলি। মহা অম্বুবাচী উপলক্ষে মন্দিৰৰ দৰেই বিগত তিনিদিন ধৰি বন্ধ আছিল জুবিন ক্ষেত্ৰত পূজা অৰ্চনা। সাংবাদি
অম্বুবাচীৰ মহাযোগৰ অন্তত সোণাপুৰৰ জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ,,


অম্বুবাচীৰ মহাযোগৰ অন্তত সোণাপুৰৰ জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ,,


গুৱাহাটী, ২৬ জুন (হি.স.)। অম্বুবাচীৰ মহাযোগৰ অন্তত সোণাপুৰৰ জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ।

প্ৰাণৰ শিল্পীলৈ বন্তি জ্বলাই আগবঢ়ালে শ্ৰদ্ধাঞ্জলি। মহা অম্বুবাচী উপলক্ষে মন্দিৰৰ দৰেই বিগত তিনিদিন ধৰি বন্ধ আছিল জুবিন ক্ষেত্ৰত পূজা অৰ্চনা।

সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত গৰিমা শইকীয়া গাৰ্গে কয় যে মন্দিৰৰ দৰে হৈছে জুবিন ক্ষেত্ৰ, সেয়ে আজি আমিও মহা অম্বুবাচীৰ যোগৰ পিচত চাকি এগছ জ্বলাইছো।

গৰিমা শইকীয়া গাৰ্গে লগতে কয় যে, ঈশ্বৰ পুত্ৰ হিচাপে তেওঁক সকলোৱে ধাৰণ কৰিছে, এয়াই আমাৰ চৰম প্ৰাপ্তি, জুবিনৰ আধৰুৱা কামসমূহ আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছো, গড়ভঙাৰ এখন বিদ্যালয়ৰ অত্যন্ত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে আমি চেষ্টা কৰিছো,এখন ফুটবলৰ একাডেমীৰ বাবে সহায় আগবঢ়াইছো, গৱেষণাৰ বাবে এটি বিশেষ টীম গঠন কৰি জুবিনৰ সকলো শুদ্ধ ৰূপত সংৰক্ষণৰ প্ৰয়াস আগবঢ়াই নিছো। অভিনয়, কৰ্মশালা এইবেলিও অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰী সকলক সুবিধা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছো। প্ৰাণৰ শিল্পীৰ শেষ শয়নস্থলী এক মন্দিৰ,তাকেই পুনৰবাৰ প্ৰমাণিত হ'ল মহা অম্বুবাচীৰ যোগৰ সময়চোৱাত। মন্দিৰৰ দৰেকৈ বিগত তিনিদিন ধৰি বন্ধ ৰখা হৈছিল জুবিনক্ষেত্ৰৰ পূজা অৰ্চনা।

গামোচাৰে ঢাকি দিয়া হৈছিল চৌদিশ, কিন্তু অম্বুবাচীৰ মহাযোগৰ অন্ত পৰাৰ লগে লগে পুনৰ চিকুনাই তোলা হ'ল সোণাপুৰ প্ৰাণৰ শিল্পীৰ শেষ শয়নস্থলী। গৰিমা গাৰ্গে নিজে জুবিন ক্ষেত্ৰত উপস্থিত হৈ চাকি-বন্তি জ্বলাই পূজা অৰ্চনা কৰাৰ লগতে পুনৰ ৰাইজৰ বাবে মুকলি কৰিলে জুবিন ক্ষেত্ৰ।

এখন শ্মশান ৰাইজে মন্দিৰলৈ পৰ্যবসিত কৰা কাৰ্যত যথেষ্ট আৱেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ।

এনেদৰে সদায়েই ৰাইজে জুবিনক জীয়াই ৰাখিব বুলিও মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande