গোলোকগঞ্জত জৰাজীৰ্ণ লোৰ জইছৰ দলঙেৰে দৈনিক যাতায়ত কৰিবলৈ বাধ্য হাজাৰ হাজাৰ সীমান্তবাসী
টলং-ভলং লোৰ জইছৰ দলঙেৰে জীৱন বিপন্ন কৰি যাতায়ত গোলকগঞ্জৰ লক্ষীমাৰীৰ ৰাইজৰ।
গোলোকগঞ্জত জৰাজীৰ্ণ লোৰ জইছৰ দলঙেৰে দৈনিক যাতায়ত কৰিবলৈ বাধ্য হাজাৰ হাজাৰ সীমান্তবাসী


ধুবুৰী, ২৬ জুন (হি.স.): ভাৰত বাংলাদেশ সীমান্তৰ এই গাঁও খনৰ ৰাইজে যাতায়তৰ নামত চৰম যন্ত্ৰনা ভোগ কৰি আহিছে । ধুবুৰী জিলাৰ গোলকগঞ্জ ভাৰত-বাংলাদেশ সীমান্তৰ কুটি লক্ষীমাৰীত তোৰ্ষা নৈৰ ওপৰত থকা জৰাজীৰ্ণ লোৰ জইছৰ দলঙেৰে দৈনিক যাতায়ত কৰিবলৈ বাধ্য হৈছে হাজাৰ হাজাৰ সীমান্তবাসী।

সীমান্ত সংলগ্ন কেইবাখনো গাঁৱৰ বাবে এই দলংখনেই একমাত্ৰ যাতায়তৰ ভৰসা । যিকোনো সময়তে অঘটন সংঘটিত হোৱাৰ আশংকাই খেদি ফুৰিছে স্থানীয় ৰাইজক। সাধাৰণ ৰাইজৰ লগতে গাঁও খনৰ ছাত্ৰ ছাত্ৰী সকলে এই জৰাজীৰ্ণ লোৰ জইছৰ দলংখনৰে অহা যোৱা কৰে।স্থানীয় বাসিন্দাসকলে জনোৱা মতে, পকী আৰচিচি দলং নিৰ্মাণৰ দাবীত বিধায়ক, সাংসদ, মন্ত্ৰী তথা চৰকাৰৰ ওচৰত বাৰে বাৰে আবেদন-নিবেদন জনোৱা হৈছে। কিন্তু এতিয়ালৈকে কোনো ইতিবাচক সঁহাৰি লাভ কৰা নাই । বহু চৰকাৰ আহিল আৰু গ’ল, কিন্তু কুটি লক্ষীমাৰীৰ ৰাইজৰ যাতায়তৰ সমস্যাৰ সমাধান আজিও নহ’ল বুলি অভিযোগ কৰে স্থানীয় লোকসকলে । ফলত সীমান্ত অঞ্চলটোৰ উন্নয়নৰ দাবী পুনৰ জোৰদাৰ হৈছে। শীঘ্ৰে এখন স্থায়ী আৰু সুৰক্ষিত আৰচিচি দলং নিৰ্মাণৰ দাবী জনাইছে সীমান্তবাসী ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande