গৌৰীপুৰত গো হত্যাৰ লগত জড়িত ৫ জনক আটক আৰক্ষীৰ
ধুবুৰী, ২৬ জুন (হি.স.)। গৌৰীপুৰত গো হত্যাৰ লগত জড়িত ৫ (পাঁচ ) জনক আটক আৰক্ষীৰ। ৰাজ্যত গো মাংস নিষেধাজ্ঞা সত্বেও একাংশই গোপনে চলাইছে গো- হত্যা। গৌৰীপুৰ চাৰালডাঙাত এটা চক্ৰই দীৰ্ঘ দিনেই গোপনে গো হত্যা কৰি চলাই গৈছে গো মাংসৰ ব্যৱসা। আজি পুৱাই গৌৰীপু
গৌৰীপুৰত গো হত্যাৰ লগত জড়িত ৫ জনক আটক আৰক্ষীৰ


ধুবুৰী, ২৬ জুন (হি.স.)। গৌৰীপুৰত গো হত্যাৰ লগত জড়িত ৫ (পাঁচ ) জনক আটক আৰক্ষীৰ। ৰাজ্যত গো মাংস নিষেধাজ্ঞা সত্বেও একাংশই গোপনে চলাইছে গো- হত্যা। গৌৰীপুৰ চাৰালডাঙাত এটা চক্ৰই দীৰ্ঘ দিনেই গোপনে গো হত্যা কৰি চলাই গৈছে গো মাংসৰ ব্যৱসা।

আজি পুৱাই গৌৰীপুৰ আৰক্ষীয়ে চাৰালডাঙাৰ ৰমজান আলীৰ বাসগৃহত অভিযান চলায়। গৌৰীপুৰ চাৰালডাঙাত এক গোপন অভিযান চলাই পাঁচজনকৈ ব্যক্তিক হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আটকাধিন সকল ক্ৰমে (১) ৰমজান আলী,(২) মেহেদী হাচান (৩)মেহেবুব হোছেইন (৪)আতিকুল আলম (৫) চাহিদ আলম ৰ লগতে গো- হত্যা কৰাৰ অস্ত্ৰৰ লগতে প্লাষ্টিকৰ বাল্টি আৰু পলিথিন জব্দ কৰে।

লগতে আৰক্ষীয়ে অভিযান চলাই ৬৬ কে জি নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হয় । বৰ্তমানে আৰক্ষীয়ে ৫ জনকে আটক কৰি থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যা

হত ৰাখিছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande