
ইম্ফল, ২৬ জুন (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘন্টাত পৃথকে পৃথকে অভিযান চলাই বিভিন্ন উগ্ৰপন্থী সংগঠনৰ পাঁচটা কেডাৰক গ্ৰেপ্তাৰ কৰে। ইম্ফল বিমানবন্দৰত এজন যাত্ৰীৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ বাকচ উদ্ধাৰ কৰাৰ লগতে সন্দেহযুক্ত গাঞ্জা জব্দ কৰা হয়।
আজি প্ৰকাশ পোৱা চৰকাৰী তথ্য অনুসৰি যোৱা ২৫ জুনত নিৰাপত্তা বাহিনীয়ে কাকচিং জিলাৰ কাকচিং খুনৌ উমাথেল মাঠাক লেইকাইৰ ঘৰৰ পৰা ছ’ৰেপা সংগঠনৰ সক্ৰিয় কেডাৰ তথা অভিযুক্ত ধনদাবী ছামজেটছাবাম কোকফাই মেইটেই (২৬)ক গ্ৰেপ্তাৰ কৰে। সেইদিনা থৌবাল জিলাৰ খংজোম থানা এলেকাৰ ৱাংজিং ছাবাল লেইকাইৰ পৰা কেৱাইকেএলৰ সক্ৰিয় কেডাৰ কনছাম অকেন মেইটেই ওৰফে মাইজাও ওৰফে মালেমংগনবা ওৰফে ব’ডে (৩৬)কো গ্ৰেপ্তাৰ কৰা হয়।
আন এক অভিযানত ইম্ফল পশ্চিম জিলাৰ লামছাং থানা এলেকাৰ ফায়েং আৰু খাৰাং কইৰেং/টাইৰেনপকপিৰ মাজৰ নিৰ্জন অঞ্চলৰ পৰা তিনিটা এ কে ৰাইফল, এটা ৯ এম এম পিষ্টল, চাৰিটা মেগজিন, বিভিন্ন কেলিবাৰৰ ৩৭টা লাইভ কাৰ্টিজ, আৰু দুটা বাওফেং বেতাঁৰ হেণ্ডছেট উদ্ধাৰ কৰে।
আন এক অভিযানত ইম্ফল বিমানবন্দৰত বিমানবন্দৰ আৰক্ষী আৰু চিআইএছএফৰ যৌথ তালাচীৰ সময়ত ইম্ফল পূব জিলাৰ হেৰিছ মাইবাম (২৩)ৰ লাগেজৰ পৰা প্ৰায় ৪২০ গ্ৰাম সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ কৰা হয়। নিষিদ্ধ সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে অভিযুক্তক।
সেইদিনা নিৰাপত্তা বাহিনীয়ে ইম্ফল পূব জিলাৰ প’ৰ’মপাট থানা এলেকাৰ পৰা প্ৰেপাক (প্ৰ’)ৰ সক্ৰিয় কেডাৰ নিযুক্তিদাতা ৱাংখেইৰাকপাম ৰোমিঅ’ মেইটেই ওৰফে বাৰুনি ওৰফে কৌব্ৰু (৪৫)ক গ্ৰেপ্তাৰ কৰে। ইফালে, থৌবাল জিলাৰ নংপক ছেকমাই থানা এলেকাৰ অন্তৰ্গত য়াইৰিপক কাকমায়াই লামখাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এন আৰ এফ এমৰ সক্ৰিয় কেডাৰ আৰ কে বথোই ওৰফে অমিত ওৰফে সিন্থাংগাম্বা (৩০)ক। তেওঁৰ হাতৰ পৰা উদ্ধাৰ হৈছে এটা .৩২ পিষ্টল, এটা মেগজিন আৰু তিনিটা সজীৱ কাৰ্টিজ।
নিৰাপত্তা বাহিনীয়ে কয় যে ৰাজ্যত বিদ্ৰোহ, অবৈধ অস্ত্ৰ, আৰু ড্ৰাগছৰ নেটৱৰ্কৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব।------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ