
ধুবুৰী, ২৬ জুন (হি.স.)। বিলাসীপাৰাত মৰাপাট খেতিয়কৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। মৰাপাট খেতি কৰি বিপদত পৰিছে শ শ কৃষক। ছুৱাপাতা তৃতীয় খণ্ড গাঁৱৰ মৰাপাট খেতিত অচিন ৰোগৰ ভয়াবহ প্ৰভাৱ। এটা প্ৰজাতিৰ পোকে এফালৰ পৰা কাটি, খাই ধ্বংস কৰিছে মৰাপাট। খবৰ নাই বিলাসীপাৰা মহকুমা কৃষি বিভাগৰ, খবৰ নাই কোনো বিষয়াৰ।
উল্লেখ্য যে- ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰত অসমৰ মৰাপাটৰ বহু চাহিদা আছে। কিন্তু বিলাসীপাৰা সমজিলাৰ ছুৱাপাতা তৃতীয় খণ্ড গাঁৱৰ মৰাপাট খেতিত দেখা দিয়া অচিন ৰোগকলৈ মূৰে কপালে হাত দিবলগীয়া হৈছে খেতিয়কসকলক। শীঘ্ৰেই এই সমস্যা ৰোধ কৰিব নোৱাৰিলে বহু ক্ষতিৰ সন্মুখীন হব খেতিয়কসকল। কৃষি বিভাগৰ সহায় সহযোগিতা, পৰামৰ্শ বিচাৰিছে খেতিয়কসকলে। যি সময়ত অসমৰ কৃষি বিভাগৰ মন্ত্ৰী পিয়ুজ হাজৰিকাই খেতিয়ক বাবে বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰিছে সেই সময়তেই বিলাসীপাৰা মহকুমাৰ কৃষি বিভাগত কৃষকৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ