
কোকৰাঝাৰ, ২৬ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত যোৱা কালি বৃহস্পতিবাৰে বিয়লি ই- ৰিক্সা চালকক আক্ৰমণৰ প্ৰতিবাদত ই ৰিক্সা চালক সকলে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে ৷ অভিযোগ মতে গোসাইগাঁও সদৰ চহৰৰ মহাৰাজপুৰ তিনিআলিত বিয়লি পাঁচ মান বজাত পৌৰ সভাৰ অন্তৰ্গত প্ৰৱেশ কৰ লোৱাৰ সময়তে কৰ সংগ্ৰহকাৰী সকলে ই ৰিক্সা চালকক আক্ৰমণ কৰাৰ প্ৰতিবাদ সাব্য়স্ত কৰে।
জানিব পৰামতে, বিয়লি ই ৰিক্সা চালকক গৰাকীয়ে যাত্ৰী লৈ মহাৰাজপুৰ তিনিআলিলৈ যাঁওতে পৌৰসভা কৰ সংগ্ৰহকাৰী সকলে কৰ বিচাৰে ৷ তেনে সময়তে ই ৰিক্সা চালক গৰাকীয়ে পিচত আদায় দিব বুলি কোৱাত কৰ সংগ্ৰহকাৰী সকলে উপুৰ্যপৰি আক্ৰমণ কৰে ৷ ফলত ই ৰিক্সা চালক গোসাইগাঁও মহকুমাৰ গুৰুফেলাৰ কান্দানাপাৰাৰ সুকল হেমৰম (৩৩) গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰ প্ৰতিবাদত ই ৰিক্সা চালক সকলে গোসাইগাঁও চাৰিআলিত মূল পথত তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে আক্ৰমণকাৰী সকলক অতি সোনকালে আটক কৰাৰ দাবী কৰে ৷ আনহাতে অনিৰ্দিষ্টকালৰ বাবে ই ৰিক্সা বন্ধ কৰাৰ হুংকাৰ দিয়ে গোসাইগাঁও মহকুমা ই ৰিক্সা চালক সন্থাৰ সভাপতি বিষ্ণু ৰায়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ