
যোৰহাট, ২৬ জুন (হি.স.)। যোৰহাট নগৰৰ এখন জুৱেলাৰীত নকল সোণৰ বেহা।
যোৰহাট নগৰত পোহৰলৈ আহিছে নকল সোণৰ বেহাৰ ভয়ংকৰ ছবি। ৪ বছৰৰ পূৰ্বে কিনা সোণৰ ফুলি বেংকত পৰীক্ষা কৰাত নকল ওলোৱাত ধৰা পৰে জুৱেলাৰীখনৰ কু-কৰ্মৰ কথা। যোৰহাটৰ টি আৰ পি ৰোডৰ ৰ'জি জুৱেলাৰীৰ স্বতাধিকাৰী বাবুল।মুৰ্লায়ে কৰিছিল এই নকল সোণৰ বেহা।
জুৱেলাৰীখনৰ স্বত্বাধিকাৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সম্মুখতে ভুল স্বীকাৰ নিজৰ কৰে। গ্ৰাহকক দিলে ফুলিৰ দামৰ ৪ গুণ অধিক টকা দিয়াৰ প্ৰলোভন। যোৰহাটৰ ৰজি জুৱেলাৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হোৱাৰ পাছতে সৃষ্টি হয় এই পৰিৱেশৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু