
ডিব্ৰুগড়, ২৬ জুন (হি.স.)। ডিব্ৰুগড়ত আৰক্ষীয়ে দহন কৰিলে জব্দ হোৱা বৃহৎ পৰিমানৰ ড্ৰাগছ সহ নিষিদ্ধ গাঞ্জা।
বিগত সময়ত ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই ডিব্ৰুগড় জিলাখন ভিন্ন স্থানত উচ্ছেদ কৰিছিল বহু নিষিদ্ধ ড্ৰাগছৰ ঘাটি। অভিযানৰ যোৱা ৯ মাহত জব্দ হৈছিল ৭৬ কেজি গাঞ্জা সহ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ।
যোৱা ৯ মাহে এই অভিযানত ১১২ টা ড্ৰাগছ সহ গাঞ্জা সৰবাহকাৰী গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে।এই দিশত ৰুজু হৈছিল ৭৬ টাকৈ গোচৰ। এই সময়ত জব্দ কৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ নিষিদ্ধ গাঞ্জা ডিব্ৰুগড় আৰক্ষীয়ে দহন কৰিলে আজি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ দহন স্থানত। অসম আৰক্ষীৰ আই জি পি অখিলেশ সিংহ সহ ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ উপস্থিতিত এই দহন কাৰ্য্য সম্পূৰ্ন কৰা হয়।
আৰক্ষীৰ তথ্য অনুসৰি দহন কৰা এই নিষিদ্ধ সামগ্ৰী মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত ১.৫ কোটি টকা।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু