
ধুবুৰী, ২৬ জুন (হি.স.)। অহা ২৮ জুনত ৰাষ্ট্ৰীয় প'লিঅ' দিৱস।
ধুবুৰী জিলাৰ লক্ষ্য -২,২৯,৪১৮টি শিশু
অহা ২৮ জুনত ৰূপায়ণ হ'ব লগীয়া ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস অৰ্থাৎ প'লিঅ' দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভণি এইবাৰ ধুবুৰীত হ'ব।
ধুবুৰীত হ'ব লগা প'লিঅ' দিৱসৰ এই ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব
অসম চৰকাৰৰ স্বাস্থ্য , পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অবিভাৱক মন্ত্ৰী অশোক সিংহল।
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰ ব্যাপি অহা ২৮ জুন তাৰিখে ৰূপায়িত হ'বলগীয়া প'লিঅ' দিৱসৰ লগত সংগতি ৰাখি ধুবুৰী জিলা স্বাস্থ্য বিভাগে প্ৰস্তুতি সম্পন্ন কৰিছে।
অহা ২৮ জুনত দেওবাৰে হ'বলগীয়া তিনিদিনীয়া ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ ২৯ আৰু ৩০ জুন লৈকে লোৱা প্ৰস্তুতি সন্দৰ্ভত ধুবুৰীৰ অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া ডা:হুছেইন আলী আহমেদে কয়
ধুবুৰী জিলা স্বাস্থ্য সমিতিৰ অধীনৰ মুঠ জনসংখ্যা ১৮,১৪,৩৬৫ ৰ এইবাৰ লক্ষ্য ০-৫ বছৰ বয়সত শিশুৰ সংখ্যা ২,৯২,৪১৮ টা। মুঠ ৩০,৮৯৮ গৃহ থকা ধুবুৰী জিলাৰ বাবে, এইবাৰ প'লিঅ' প্ৰতিষেধক দিৱসৰ বাবে ৯৭৭ টা সাধাৰণ বুথ,৪৪ টা চিকিৎসা প্ৰতিষ্ঠানিক বুথ,৮১ টা ৰাজহুৱা পৰিবহণ স্থানৰ বুথ ( ৰেল ষ্টেচন, বাছ আস্থান,নদী পথ, স্থল-ঘাট ) আৰু ভ্ৰাম্যমাণ দল থাকিব ১১৩ টা। য'ত তিনিদিনীয়া প্ৰতিষেধক ৰ দিনত ৪,৭৭৮ জন বিভিন্ন পৰ্যায়ৰ লোক জড়িত হ'ব।
এই সন্দৰ্ভত আজি ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা:জ্যোতি কুমাৰ দাসে স্বাস্থ্য বিভাগৰ সকলো পৰ্যায়ৰ বিষয়া কৰ্মচাৰীকে নিষ্ঠা সহ একাগ্ৰতাৰে ৰাষ্ট্ৰীয় প'লিঅ' দিৱসৰ দায়িত্ব পালন কৰি ধুবুৰী জিলাত এটি শিশু ও যাতে প'লিঅ' টোপালৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ বাবে আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা