
ধুবুৰী, ২৬ জুন (হি.স.)। স্বেচ্ছাসেৱী সংগঠন কল্পজ্যোতি ফাউণ্ডেচনৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস উপলক্ষে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপনৰ সিদ্ধান্ত ।
শনিবাৰে মা শাৰদা ৰান্নাঘৰ নামেৰে ধুবুৰীত ১ টকাত দৰিদ্ৰ তথা খাটি খোৱা মানুহক যোগান ধৰা হ'ব দুপৰীয়াৰ আহাৰ।
ধুবুৰী ছোৱালী মহাবিদ্যালৰ কাষতে মা শাৰদা ৰান্নাঘৰ নামেৰে ধুবুৰীত ১ টকাত দৰিদ্ৰ তথা খাটি খোৱা মানুহক যোগান ধৰা হব দুপৰীয়াৰ আহাৰ।
আত্মসন্মানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন ব্যক্তিৰ পৰা ১ টকাত দুপৰীয়াৰ আহাৰ যোগান ধৰা হব বুলি জানিবলৈ দিয়ে কল্পজ্যোতি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক শ্বায়ন সাহাই।
অহা ২৮ জুনত অনুষ্ঠিত হোৱা ধুবুৰী টাউন হোটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া কল্পজ্যোতি ফাউণ্ডেশ্যনৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হয়।
শনিবাৰে গৌৰীপুৰ স্বামী বিবেকানন্দ প্ৰতিমূৰ্তিৰ সন্মুখত কল্পজ্যোতি ফাউণ্ডেশ্যনৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী আৰম্ভ কৰা হব বুলি জানিবলৈ দিয়ে কল্পজ্যোতি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক শ্বায়ন সাহাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা