বোকাজানৰ ৰেলৱে ষ্টেশ্যনৰ ৰেলৱে লাইনত যুৱকৰ মৃতদেহ উদ্ধাৰ
কাৰ্বিআংলং, ২৬ জুন (হি.স.)। আজি পুৱতি নিশা বোকাজানৰ ৰেলৱে ষ্টেশ্যনৰ ৰেলৱে লাইনত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ ।আজি পুৱা বোকাজানৰ ৰেলৱে ষ্টেশনৰ সমীপতে ৰহস্য জনক ভাবে উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। জানিব পৰা অনুসৰি মৃত যুৱকজন বোকাজানৰ ঘৰীয়ালদু অভিজিৎ পাল বুল
বোকাজানৰ ৰেলৱে ষ্টেশ্যনৰ ৰেলৱে লাইনত যুৱকৰ মৃতদেহ উদ্ধাৰ


কাৰ্বিআংলং, ২৬ জুন (হি.স.)। আজি পুৱতি নিশা বোকাজানৰ ৰেলৱে ষ্টেশ্যনৰ ৰেলৱে লাইনত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ ।আজি পুৱা বোকাজানৰ ৰেলৱে ষ্টেশনৰ সমীপতে ৰহস্য জনক ভাবে উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ।

জানিব পৰা অনুসৰি মৃত যুৱকজন বোকাজানৰ ঘৰীয়ালদু অভিজিৎ পাল বুলি চিনাক্ত কৰা হৈছে।যুৱকজন আজি কিছু বছৰৰ পৰা ধৰি ডিমাপুৰত কাম কৰি আছিল, পিতৃয়ে জানিবলৈ দিয়া অনুসৰি প্ৰতিদিনে তেখেতৰ পুত্ৰ কামৰ পৰা আহোঁতে পলম হয় আৰু কেতিয়াবা কৰ্মস্থলীতে থাকে বুলিও উল্লেখ কৰে।মৃত যুৱক জনৰ পৰিয়ালত পিতৃ মাতৃৰ লগতে পত্নী আৰু এটা ৩বছৰীয়া সন্তান আছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande