দেৰগাঁৱৰ শগুণপাৰাত পথ দলং অবিহনে টুলুঙা নাও খনেই একমাত্ৰ যাতায়তৰ মাধ্যম
পথ নাই, নাই দলং, টুলুঙা নাও খনেই একমাত্ৰ যাতায়তৰ মাধ্যম।
দেৰগাঁৱৰ শগুণপাৰাত পথ দলং অবিহনে টুলুঙা নাও খনেই একমাত্ৰ যাতায়তৰ মাধ্যম


গোলাঘাট ২৬ জুন (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এটা অঞ্চল শগুনপাৰা । বহু ভিতৰুৱা এই শগুনপাৰাৰ পৰা আহি চৰাই চাপৰি অঞ্চলৰ মাজেৰে আহিলেহে সংযোগ হয় দেৰগাঁও নগৰৰ সৈতে । কিন্তু চৰাই চাপৰিৰ পৰা শগুনপাৰালৈ যোৱা পথটোৰ এটা অংশ পানীয়ে চিঙি নিয়াত এতিয়া বাৰিষাৰ সময়ত দুৰ্ভোগ ভুগিছে শগুনপাৰাকে ধৰি বহু কেইখন গাঁৱৰ ৰাইজে।

চিঙি নিয়া পথছোৱাত পানী উপচি পৰাত বিপদসংকুল ভাৱেই এখন টুলুঙা নাৱত উঠি পাৰাপাৰ হ'ব লগীয়া হৈছে শগুনপাৰাকে ধৰি বহুকেইখন গাঁৱৰ ৰাইজে । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অসুস্থ ৰোগীকো পাৰ কৰাব লগীয়া হয় এই টুলুঙা নাওখনেৰেই। নাওখন আকৌ চৰকাৰী নহয় । স্থানীয় এজন উদাৰ মনৰ ব্যক্তিয়ে নিজৰ কাম ক্ষতি কৰি বিনামূলীয়াকৈ যাত্ৰীসকলক কৰি আছে ইপাৰ-সিপাৰ। ভুক্তভোগী ৰাইজৰ চৰকাৰলৈ অনুৰোধ- বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ বাবে ব্যৱস্থা কৰি দিয়ক এখন ডাঙৰ নাৱৰ। পৰিস্থিতিত পৰি এই টুলুঙা নাওখনেৰে পাৰাপাৰ হঁওতে যি কোনো মুহৰ্ততে সংঘটিত হ'ব পাৰে ভয়ানক অঘটন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande