
মাৰোৱাৰী সমাজৰ অসমৰ মাটি আৰু পানীৰ লগত দীঘলীয়া সম্পর্ক আছে : মুখ্যমন্ত্রী
গুৱাহাটী, ২৬ জুন (হি.স.)। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক প্ৰকল্পত আয়োজিত শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ ১১০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ সুপৰিচিত ‘মাৰোৱাৰী হাস্পতালছ'ৰ অভিভাৱক সংস্থা মাৰোৱাৰী দাতব্য ঔষধালয়ে ১১০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি জিএনআৰচিৰ মুখ্য পৰিচালন সঞ্চালক ডাঃ নোমল চন্দ্ৰ বৰালৈ আগবঢ়োৱা জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে এখন স্মৰণিকা উন্মোচন কৰে।
মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে ‘মাৰোৱাৰী হাস্পতালছ'ত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱা কেইবাগৰাকী চিকিৎসক আৰু চিকিৎসাকর্মীক মাৰোৱাৰী দাতব্য ঔষধালয়ৰ হৈ সম্বৰ্ধনা জনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয় মানৱতা, কৰণা আৰু নিঃস্বার্থ সমাজসেৱাৰ এক উৎকৃষ্ট নিদর্শন বুলি মন্তব্য কৰে। তেওঁ কয় যে এই দাতব্য সংস্থাৰ ভগ্নী প্রতিষ্ঠান ‘মাৰোৱাৰী হাস্পতালছ'-এ অতি কম খৰচত আৰু উন্নত মানদণ্ডেৰে দৰিদ্ৰ তথা সাধাৰণ জনতাক চিকিৎসা প্ৰদান কৰি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰখনত এক অনন্য মাত্ৰা প্ৰদান কৰিছে ।
ক’ভিড মহামাৰীৰ সময়ত অসমৰ স্বাস্থ্যমন্ত্ৰী হৈ থাকোতে এই প্রতিষ্ঠানে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অসমৰ জনজীৱনক সমৃদ্ধ কৰাত মাৰোৱাৰী সমাজে গ্ৰহণ কৰি অহা ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড°শৰ্মাই কয় যে শতিকা গৰকা শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয় আৰু মাৰোৱাৰী হাস্পতালছ অসমৰ জনজীৱনলৈ মাৰোৱাৰী সমাজে আগবঢ়াই অহা অৱদানৰ এক জীৱন্ত উদাহৰণ। চাৰি সত্তৰ বছৰ পূৰ্বে কোঁচ ৰজা নৰনাৰায়ণৰ আমন্ত্ৰণত প্ৰথমগৰাকী মাৰোৱাৰী ব্যক্তি অসমলৈ আহিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মাৰোৱাৰী সমাজৰ অসমৰ মাটি আৰু পানীৰ লগত দীঘলীয়া সম্পর্ক আছে।
অসমীয়া ভাষা-সাহিত্যৰ বিকাশত মাৰোৱাৰী সমাজে গ্ৰহণ কৰা ভূমিকা সন্দৰ্ভত তেওঁ কয় যে অসমলৈ আহি ইয়াত এজন সফল ব্যৱসায়ী হিচাপে প্রতিষ্ঠিত হোৱা নৱৰংগৰাম আগৰৱালাৰ বংশৰ কেইগৰাকীমান স্বনামধন্য ব্যক্তি আছিল আনন্দ চন্দ্ৰ আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁ কয় যে অসমত যিখন সমাজৰ ইতিহাস দুশ বছৰৰ পুৰণা সেই সমাজ কেতিয়াও আমাৰ পৰা পৃথক নহয় । আগলৈও ঔদ্যোগিকৰণ, চিকিৎসা, সমাজ সেৱা আদি সকলো দিশতে সক্রিয় ভূমিকা পালন কৰি অসমৰ বিকাশৰ যাত্ৰাত জড়িত হৈ থাকিবলৈ তেওঁ মাৰোৱাৰী সমাজৰ প্ৰতি আহ্বান জনায়। অসমৰ স্বাস্থ্যখণ্ডলৈ ব্যাপক সফলতা অহা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ জনস্বাস্থ্যক দেশৰ অতিশয় উন্নত জনস্বাস্থ্য ব্যৱস্থা হিচাপে গণ্য কৰা হয়।
নমুনা পঞ্জীয়ন ব্যৱস্থা (SRS)ৰ শেহতীয়া বুলেটিন আৰু ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৬ৰ প্ৰতিবেদনত সন্নিৱিষ্ট তথ্যই অসমৰ স্বাস্থ্যখণ্ডই বিগত সময়ত লাভ কৰা সফলতাৰ কথা প্ৰমাণ কৰিছে বুলি উল্লেখ কৰি ড° শৰ্মাই কয় যে ২০০৬ চনত তেওঁ স্বাস্থ্যমন্ত্রীৰ দায়িত্ব লোৱাৰ সময়ত অসমত প্ৰসূতিৰ মৃত্যুৰ অনুপাত আছিল ৪১৯। অৰ্থাৎ প্ৰতি ১ লাখ গৰাকী প্ৰস্তুতিৰ ভিতৰত ৪১৯ গৰাকীৰ মৃত্যু হৈছিল। দেশৰ ভিতৰত অসমৰ স্থান একেবাৰে তলত আছিল। নমুনা পঞ্জীয়ন ব্যৱস্থা (SRS)ৰ শেহতীয়া বুলেটিনৰ তথ্য অনুসৰি অসমত প্ৰসূতিৰ মৃত্যুৰ অনুপাত ৮৪ লৈ হ্ৰাস পাইছে আৰু ৰাষ্ট্ৰীয় অনুপাত ৮৮তকৈ অসমৰ প্ৰসূতিৰ মৃত্যুৰ অনুপাত কম হৈছে । অর্থাৎ দেশৰ স্বাস্থ্য ব্যৱস্থাত অসমে এখন বৰঙণি যোগোৱা ৰাজ্যৰ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে ।
অসমত নৱজাতকৰ মৃত্যু এতিয়াও এক চিন্তাৰ বিষয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মাৰোৱাৰী হাস্পতালছকে ধৰি অসমৰ সকলো চৰকাৰী, ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসালয়ে চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰা উচিত যাতে অনাগত ২-৩ বছৰত অসমৰ নৱজাতকৰ মৃত্যুৰ হাৰো ৰাষ্ট্ৰীয় হাৰতকৈ কম হয়। পেৰামেডিকেল আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলক কম্পিউটাৰৰ জ্ঞান, ইংৰাজী ভাষাৰ জ্ঞান, যোগাযোগ দক্ষতা অৰ্জনৰ শিক্ষা দিয়াৰ প্রয়োজন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ জাপান, ছিংগাপুৰ, জাৰ্মানী আদি দেশে অসমৰ পৰা নাৰ্ছ আদি নিবলৈ বিচাৰিছে। এই সুযোগ ল'বলৈ তেওঁলোকক মূল পাঠ্যক্ৰমৰ সৈতে ছফট স্কীলো শিকাব লাগিব।
ভাৰতৰ প্ৰগতিত সৰ্বাধিক বৰঙণি যোগাব পৰা ৰাজ্য হিচাপে অসমক গঢ় দিয়াৰ বাবে সকলোৰে সহযোগত কাম কৰাৰ সংকল্পৰ কথা মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ উল্লেখ কৰে। অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, মাৰোৱাৰী দাতব্য ঔষধালয়ৰ অধ্যক্ষ শৰৎ কুমাৰ জৈন প্ৰমুখ্যে সংস্থাটোৰ সৈতে জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী